মিঞা মিউজিয়াম নহয়, কলাক্ষেত্ৰত ‘আলু-পিঁয়াজ’ৰ মিউজিয়াম দাবী কৰিলে আৰ পি শৰ্মাই

জানুৱাৰী মাৱৰ ভিতৰত ৪০-৫০ হাজাৰ পুৰণি বিজেপি কৰ্মীয়ে যোগদান কৰিব কংগ্ৰেছতঃ আৰ পি শৰ্মা
জানুৱাৰী মাৱৰ ভিতৰত ৪০-৫০ হাজাৰ পুৰণি বিজেপি কৰ্মীয়ে যোগদান কৰিব কংগ্ৰেছতঃ আৰ পি শৰ্মা
- News18 Assam
- Last Updated: October 31, 2020, 3:50 PM IST
কংগ্ৰেছ নেতা আৰ পি শৰ্মাই দাবী কৰিলে “আলু-পিঁয়াজ”ৰ মিউজিয়াম নিৰ্মাণৰ৷ আৰ পি শৰ্মাৰ স্পষ্ট মত - ‘অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত বহুতে এতিয়া আলু-পিঁয়াজ খাবলৈ বাদ দিছে ৷ এনে অৱস্থাত আলু-পিঁয়াজ এদিন দুস্প্ৰাপ্য সামগ্ৰীলৈ ৰূপান্তৰ হ'ব ৷ সেয়ে ভৱিষ্যত প্ৰজন্মক আলু-পিঁয়াজ কি সেয়া চিনাকী কৰোৱাৰ স্বাৰ্থতে “আলু-পিঁয়াজ”ৰ মিউজিয়াম খোলাৰ দাবী জনালে আৰ পি শৰ্মাই ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ আহ্বান জনাই বিজেপি কাৰ্যালয়ৰ লগতে জিলাই-জিলাই একোটাকৈ আলু-পিঁয়াজৰ মিউজিয়াম খোলাৰ দাবী তোলে কংগ্ৰেছ নেতাগৰাকীয়ে।
শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানমৰ্মে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ৰূপায়ন কৰে “কৃষক অধিকাৰ দিৱস”৷