• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘সৰ্বানন্দ সোণোৱালৰ বাবেই মাজুলী আৰু ছয়মাহ পিছুৱাই গ’ল’ – মন্তব্য ৰিপুণ বৰাৰ

‘সৰ্বানন্দ সোণোৱালৰ বাবেই মাজুলী আৰু ছয়মাহ পিছুৱাই গ’ল’ – মন্তব্য ৰিপুণ বৰাৰ

অসমৰ আগন্তুক পাঁচটা সমষ্টিৰ উপ–নিৰ্বাচনত কংগ্ৰেছে এককভাৱে প্ৰচণ্ড শক্তিৰে যুঁজ দিব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

অসমৰ আগন্তুক পাঁচটা সমষ্টিৰ উপ–নিৰ্বাচনত কংগ্ৰেছে এককভাৱে প্ৰচণ্ড শক্তিৰে যুঁজ দিব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

অসমৰ আগন্তুক পাঁচটা সমষ্টিৰ উপ–নিৰ্বাচনত কংগ্ৰেছে এককভাৱে প্ৰচণ্ড শক্তিৰে যুঁজ দিব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

  • Share this:
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীবাসীক পুনৰবাৰ প্ৰৱঞ্চনা কৰিলে। কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ হোৱাৰ পিছতো খামুচি ধৰি আছিল বিধায়কৰ আসন। এনেদৰেই সৰ্বানন্দ সোণোৱালক সমালোচনা কৰে সাংসদ ৰিপুণ বৰাই।

ৰিপুণ বৰাৰ মতে, সৰ্বানন্দ সোণোৱালৰ বাবেই মাজুলী আৰু ছয়মাহ পিছুৱাই গ’ল। মাজুলীত নহয় নিৰ্বাচন। উপ–নিৰ্বাচন অসমৰ পাঁচটা সমষ্টিত হ’ব কিন্তু নহয় মাথোঁ মাজুলী সমষ্টিত। ইয়াৰ বাবে কংগ্ৰেছে প্ৰধানকৈ দায়ী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

ক্ষমতাৰ মোহত কেন্দ্ৰীয় মন্ত্ৰী হৈয়ো বিধায়ক পদ খামুচি থাকি মাজুলী বাসীক প্ৰৱঞ্চনা কৰিলে সৰ্বানন্দ সোনোৱালে – এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। ৰিপুণ বৰাই লগতে কয় যে কংগ্ৰেছৰ আপত্তিৰ পিছত মাজুলীৰ বিধায়কৰ পদ এৰাটো দুৰ্ভাগ্যজনক। সৰ্বানন্দ সোণোৱালক মাজুলীবাসীয়ে মুখ্যমন্ত্ৰী দিলে তাৰ বিপৰীতে সোণোৱালে মাজুলীবাসীক দলং নিদিলে। প্ৰতাৰণা কৰিলে, আনকি ঘূৰি পৰ্যন্ত নাচালে।

অসমৰ আগন্তুক পাঁচটা সমষ্টিৰ উপ–নিৰ্বাচনত কংগ্ৰেছে এককভাৱে প্ৰচণ্ড শক্তিৰে যুঁজ দিব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। পাঁচটা সমষ্টিতে একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় টিকট বিচাৰিছে। সমষ্টিসমূহত দলৰ শীৰ্ষ নেতাই বাহৰ পাতিছে। মুঠৰ ওপৰত উপ–নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী দল কংগ্ৰেছ।
Published by:Sanjay Kumar Das
First published: