• Home
  • »
  • News
  • »
  • assam
  • »
  • Ripun Bora Joins TMC in Kolkata: কংগ্ৰেছ ত্যাগ কৰিয়েই ৰিপুণ বৰাই যোগদান কৰিলে তৃণমূল কংগ্ৰেছত

Ripun Bora Joins TMC in Kolkata: কংগ্ৰেছ ত্যাগ কৰিয়েই ৰিপুণ বৰাই যোগদান কৰিলে তৃণমূল কংগ্ৰেছত

  • Share this:
ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই যোগদান কৰিলে ৰিপুণ বৰাই। আজি বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ খবৰ পোৱা গৈছে। কলকাতাত উপস্থিত হোৱা বৰাই তৃণমূল কংগ্ৰেছত (TMC) যোগদান কৰে।

টিএমচিয়ে এটা টুইটত বৰাক আদৰণি জনায়। টুইটটোত উল্লেখ কৰে- "পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ প্ৰাক্তন মন্ত্ৰী শ্ৰী ৰিপুণ বৰাক, অসমৰ শিক্ষা মন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীৰিপুণ বৰাক আদৰণি জনাই আনন্দিত। তেওঁ আজি  অভিষেক বেনাৰ্জীৰ উপস্থিতিত আমাৰ সৈতে যোগদান কৰে।'' (Ripun Bora Join in TMC)



উল্লেখ্য ৰিপুণ বৰাই (Ripun Bora) কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ বাবে তেওঁ পদত্যাগ কৰাৰ কথা উল্লেখ কৰি ছোনিয়া গান্ধীলৈ বৰাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁ গান্ধীক আগন্তুক দিনত বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ লগতে দেশৰ গণতন্ত্ৰ, সংবিধান সুৰক্ষা আৰু ধৰ্মনিৰপেক্ষতাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি