• Home
  • »
  • News
  • »
  • assam
  • »
  • গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহা

গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহা

কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? আহি আছে নেকি গৌৰৱ গগৈ? সোমবাৰে News18ত প্ৰকাশিত বাতৰিক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত হাহাকাৰ লাগিছে ৷

কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? আহি আছে নেকি গৌৰৱ গগৈ? সোমবাৰে News18ত প্ৰকাশিত বাতৰিক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত হাহাকাৰ লাগিছে ৷

কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? আহি আছে নেকি গৌৰৱ গগৈ? সোমবাৰে News18ত প্ৰকাশিত বাতৰিক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত হাহাকাৰ লাগিছে ৷

  • Share this:
২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ হাইকামাণ্ডে সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ–দলপতি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব নেকি? এই সন্দৰ্ভত সোমবাৰে News18ত সম্প্ৰচাৰিত এক বাতৰিক লৈ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত তুমুল ধুমুহাৰ সূচনা হৈছে৷

কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? আহি আছে নেকি গৌৰৱ গগৈ? সোমবাৰে News18ত প্ৰকাশিত বাতৰিক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত হাহাকাৰ লাগিছে ৷ কিয়নো অসমতে থাকি ৰাজনীতি কৰা বহু বাঘা বাঘা কংগ্ৰেছীয়ে নিজকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ভাবি আছে৷

এনে সময়ত লোকসভাৰ সাংসদ তথা শেহতীয়াকৈ হাইকামাণ্ডে বিৰোধীৰ উপ–দলপতি হিচাপে  নিযুক্তি দিয়া গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে বাকীসকলৰ বাট বন্ধ হোৱাতো নিশ্চিত৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ শইকীয়াই ক'লে- “এয়া গছত কঁঠাল, ওঁঠত তেলৰ লেখীয়া কথা৷ প্ৰথমে আমি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পাই লওঁ, তাৰ পিছত সিদ্ধান্ত ল'ব নিৰ্বাচিত হৈ অহা বিধায়কসকলে৷ চূড়ান্ত সিদ্ধান্ত ল'ব হাইকামাণ্ডে৷”

বিৰোধী দলপতিৰ দৰেই জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা বিষয়ত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে৷ ৱাজেদ আলী চৌধুৰীয়ে ক'লে- “এয়া BJPৰ অপপ্ৰচাৰ মাথোঁ৷ কোন মুখ্যমন্ত্ৰী হ'ব, সিদ্ধান্ত পিছত হ'ব৷ AIUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱাক লৈ ভয় খাই বহু অপপ্ৰচাৰ আৰম্ভ কৰিছে BJP–এ৷”

মুঠতে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নকৰাক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত ধুমুহা সদৃশ পৰিৱেশৰ সূচনা হৈছে ৷
Published by:Sanjay Kumar Das
First published: