প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা মহা ব্যৰ্থতা ঢাকিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মত ব্যক্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা মহা ব্যৰ্থতা ঢাকিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মত ব্যক্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে।
যোৰহাটৰ ভুতপূৰ্ব বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে বিজেপিয়ে অসমত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন ২০ দিন ধৰি উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে। ৰাজ্যৰ শোচনীয় পৰিস্থিতিৰ সময়ছোৱাত এই বাৰ্থডেক মহা ব্যৰ্থতা ডে আখ্যা দি এক সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰে দেশৰ বৃহৎ সংখ্যক সম্পত্তি ৬ লাখ কোটি টকাত বিক্ৰী কৰিবলৈ লোৱা বুলি তীব্ৰ সমালোচনা কৰে।
যোৱা ২৬ জুলাইত মিজোৰাম সীমান্তত সৃষ্টি হোৱা ভয়ানক ৰক্তাক্ত পৰিস্থিতি, নিমাতীৰ নাও দুৰ্ঘটনা, নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে শীৰ্ষ স্থান দখল কৰাকে ধৰি বিভিন্ন নেতিবাচক ঘটনাৰে অসমৰ পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তে অসমত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন ২০ দিন ধৰি উদযাপন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা মহা ব্যৰ্থতা ঢাকিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মত ব্যক্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে। সেয়েহে দুই-তিনিদিন বাদ দি বাকী দিনকেইটা অসমত বাৰ্থ ডেৰ সলনি মহা ব্যৰ্থতা ডে ৰূপে উদযাপন কৰিবলৈ আহ্বান জনাই বিজেপিক কটাক্ষ কৰিছে ৰাণা গোস্বামীয়ে।
"দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনলৈ আমিও শুভেচ্ছা জনাইছো। দুই-তিনিদিন ধৰি জন্মদিন উদযাপন কৰিছে সেয়া মানি ল’ব পাৰি। কিন্তু অসমৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত এখন ৰাজ্যত ২০ দিন ধৰি জন্মদিন উদযাপন কৰাটো দৰাচলতে চৰকাৰৰ ব্যৰ্থতাসমূহ ঢাকি ৰখাৰ এক প্ৰয়াস। সেয়েহে আমি এই বাৰ্থ ডে'ক মহা ব্যৰ্থতা ডে' আখ্যা দিছো।", অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এনেদৰে কয়।
আনহাতে, কেন্দ্ৰীয় চৰকাৰে কংগ্ৰেছৰ দিনত স্থাপন কৰা দেশৰ বৃহৎ সংখ্যক সম্পত্তি ৬ লাখ কোটি টকাত বিক্ৰী কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে গোস্বামীয়ে। নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালৰ সময়তে দেশৰ ৪ কোটি ৭৮ লাখ লোকে সংস্থাপন হেৰুৱালে বুলি তথ্য দাঙি ধৰে গোস্বামীয়ে। গুৱাহাটী বিমানবন্দৰ আদানী গ্ৰুপক গতাই দিয়াৰ পিছত ৬ লাখ কোটি টকাত দেশৰ বৃহৎ সংখ্যক সম্পত্তি কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিবলৈ বিচৰা বুলি উল্লেখ কৰি এই কাৰ্যৰ তীব্ৰ সমালোচনা কৰে ৰাণা গোস্বামীয়ে।
দেশৰ প্ৰায় ২৭০০০ কিঃমিঃ হাইৱে’, ৬০০০ মেগাৱাটৰ বিদ্যুৎ উৎপাদন প্ৰকল্প, ২৮০০০ কিলোমিটাৰ বিদ্যুৎ পৰিবহণ ব্যৱস্থা, ৮০০০ কিঃমিঃ গেছ পাইলাইন, ২১০ লাখ মেট্ৰিক টন খাদ্য সঞ্চয় কৰা ভড়াল, ৪০০০ কিঃমিঃ আইঅ'চি আৰু এইছপিচিএলৰ তেল পৰিবাহী পাইপলাইন, ২.৮৬ লাখ কিঃমিঃ টেলিকম ফাইবাৰ, ১৫০০০টা টেলিকম টাৱাৰ, ২৫টা এয়াৰপ’ৰ্ট, ৯টা বন্দৰ, ৪০০টা ৰে’ল ষ্টেচন, ১৫০খন ট্ৰেইন, ৰে’লৱে ট্ৰেক, ৭৬১টা মাইনিং ব্লক, ২খন নেচনেল ষ্টেডিয়ামকে ধৰি দেশৰ বহুত গুৰুত্বপূৰ্ণ সম্পত্তি কেন্দ্ৰীয় চৰকাৰে পানীৰ দৰত বিক্ৰী কৰিবলৈ লোৱা বুলি উল্লেখ কৰি চৰকাৰখনৰ এনে কাৰ্যৰ তীব্ৰ সমালোচনা কৰে ৰাণা গোস্বামীয়ে। জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে এনে ধৰণৰ হঠকাৰী সিদ্ধান্তৰে অচিৰেই এই চৰকাৰখনে দেশখনক লাওলোৱা অৱস্থালৈ লৈ যাব।
বিজেপি চৰকাৰখনে ব্যৰ্থতা ধাকিবলৈ জন্মদিন উদযাপনৰ দৰে এনে বহু প্ৰচাৰমুখী কৌশল অৱলম্বন কৰি দেশখন লাওলোৱা অৱস্থালৈ নিবলৈ চেষ্টা কৰি আছে বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে ৰাইজক সেয়েহে সচেতন হ’বলৈ আহ্বান জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|