মুখ্যপৃষ্ঠা »খবৰ »অসম »''মুখ্যমন্ত্ৰীয়ে যৌতুকত নিয়া বিধায়ককেইজন ভিতৰি কংগ্ৰেছৰ লগত ভালেই, বাহিৰতহে গালি পাৰি দেখুৱাই''- ৰাণা গোস্বামী

''মুখ্যমন্ত্ৰীয়ে যৌতুকত নিয়া বিধায়ককেইজন ভিতৰি কংগ্ৰেছৰ লগত ভালেই, বাহিৰতহে গালি পাৰি দেখুৱাই''- ৰাণা গোস্বামী

শিৱসাগৰ ৰাজীৱ ভৱনত ৰাণা গোস্বামীৰ সংবাদমেল 

শিৱসাগৰ ৰাজীৱ ভৱনত ৰাণা গোস্বামীৰ সংবাদমেল 

শিৱসাগৰ ৰাজীৱ ভৱনত ৰাণা গোস্বামীৰ সংবাদমেল 

  • Share this:
"দেশত স্বেচ্ছাচাৰী, হিটলাৰী  শাসন চলি আছে। চৰকাৰৰ গণতন্ত্ৰবিৰোধী কাৰ্যকলাপবিলাক উদঙাই দিলেই গ্ৰেপ্তাৰ কৰিব বিচাৰে। আদানীৰ ব্যক্তিগত উৰাজাহাজত যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী। গৌতম আদানী আৰু নৰেন্দ্ৰ মোদীৰ মাজত চলি থকা এনে গোপন বুজাবুজিবিলাক ঢাকিবলৈকে ৰাহুল গান্ধীৰ সাংসদ পদো খাৰিজ কৰা হ'ল।" -আজি শিৱসাগৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এইদৰে সমালোচনাত মুখৰ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী।

ৰাণা গোস্বামীয়ে লগতে মোদী চৰকাৰৰ ৰঙা চকুলৈ কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে ভয় নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাহুল গান্ধীৰ গাত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ তেজ আছে বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে কয়- "দেশত সৰ্বসাধাৰণ জনতাৰ ওপৰত সকলো ক্ষেত্ৰত অধিক কৰৰ বোজা জাপি দিছে চৰকাৰে। আদানিক ৰেহাই দি দুখীয়াৰ ওপৰত মাধমাৰ মাৰিছে।"

আনহাতে অসম চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৰাণা গোস্বামী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত  খিলঞ্জীয়াক শেষ কৰাৰ ষড়যন্ত্ৰ চলোৱা বুলি সমালোচনা কৰে তেওঁ। ৰাণা গোস্বামীয়ে আৰু কয়- "সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত খিলঞ্জীয়াক নিঃশেষ কৰাৰ যি চক্ৰান্ত কৰিছে, তাৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভণিৰে পৰা মাত মাতি আহিছে। উজনি অসমৰ সমষ্টি কোনো কাৰণতে কৰ্তন কৰিবলৈ দিয়া নহ'ব। শেষ মুহূৰ্তলৈকে যুঁজ দিম।"

আনহাতে কংগ্ৰেছত বিজেপিৰ এজেণ্ট থকা বুলি মূখ্যমন্ত্ৰীয়ে কোৱা ভাষ্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাণা গোস্বামীয়ে। তেওঁ কয়- "মুখ্যমন্ত্ৰীয়ে বিশেষাধিকাৰ ভংগ কৰিছে। আমিও চৰকাৰৰ গোপন তথ্য গম পাই থাকোঁ। সেইবুলি কৈ ফুৰা নাই।  বিজেপি দলৰ মাজতো ক্ষোভ আছে। ছোৱালী বিয়া দিলে যিদৰে যৌতুক লৈ যায় হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যাওঁতেও যৌতুক হিচাপে বিধায়ক কেইজনমান লৈ গৈছিল।‌ কাৰোবাক কাৰোবাক মন্ত্ৰীও বনালে। সেই কেইজনেই কংগ্ৰেছৰ বিৰুদ্ধে বেছি গালি পাৰি দেখুৱাই। গালি পাৰি নেদেখুৱালে আৰ এছ এছ এ গালি পাৰিব সেইকেইজনক। সেই বিধায়ককেইজন ভিতৰি ভিতৰি  কংগ্ৰেছৰ লগত ভালেই যদিও বাহিৰত দেখুওৱাবলৈ গালি পাৰি থাকে।" উক্ত সংবাদমেলত শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈসহ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

শেহতীয়া বাতৰি