ধুবুৰী লোকসভা নিৰ্বাচনৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী তালিকাত ৰকিবুল হুছেইনৰ নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলৰ উপ-দলপতি তথা কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে এই প্ৰাৰ্থী তালিকাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি কয়, এই তালিকাখন কোনে উলিয়াইছে মই নাজানো কিন্তু বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি ধুবুৰীত এআইইউডিএফৰ চৰ্দাৰ আজমলক পৰাভূত কৰিব লাগিব। সেইক্ষেত্ৰত এইবাৰ আমি কিছু চিন্তা–চৰ্চা কৰিছো।
আনহাতে, থলুৱা মুছলমান, ভাটিয়া মুছলমান আৰু মিঞা মুছলমানৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মুছলমানক ভাগ ভাগ কৰাত সফল হৈছিল বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়, এতিয়া বাঘ হাজৰিকাক নস্যাৎ কৰাৰ পিছত সেই সকলো পৰিকল্পনা বিফল হ'ল আৰু পুনৰ মুছলমানসকল একত্ৰিত হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বক্তব্যই যথেষ্ট সহায় কৰিলে।
ইপিনে, তিতাবৰ সমষ্টিক আহোম ভোট কমোৱাৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ এফাল কাটি নিয়াৰ অভিযোগো কৰে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে লগতে কয় ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছ পূৰ্বতকৈ সমগ্ৰ দেশতে বহুগুণে শক্তিশালী হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 18, 2023, 03:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।