আসন্ন উপ-নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হৈ উঠিছে। এইক্ষেত্ৰত পিছপৰি থকা নাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীও। বুধবাৰে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ ভোমৰাবিলত কংগ্ৰেছ কৰ্মীৰ লগত মত-বিনিময় সভাত উপস্থিত থাকে কংগ্ৰেছৰ উপ–দলপতি ৰকিবুল হুছেইন।
মত-বিনিময় সভাত হুছেইনে কয়– ''অসমক জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিব লাগে, কাৰণ আজিলৈকে অসম আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ আদিবাসী, কোচ ৰাজবংশী আদিকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ো জনজাতিকৰণ নকৰিলে। ইমানদিনে চৰকাৰে এই ছয় জনগোষ্ঠীক আভুৱা–ভাঁৰিলে। যদি অসমক জনজাতিৰ ৰাজ্যৰ মৰ্যাদা দিয়া হয়, তেনেহলে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকী জনজাতীয় লোক হ'লে জনজাতীয় সমস্যা বহুগুণে নিৰ্মূল হ'ব।''
হুছেইনে লগতে কয়– ''বৰ্তমান চাহ জনজাতি এলেকাত বিজেপিয়ে আন প্ৰাৰ্থী দিছে। গতিকে বিজেপিৰ প্ৰতি ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটো। চাহ জনজাতিসকলক ভাগ ভাগ কৰিছে।'' ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে বিজেপিয়ে হাগ্ৰামা আৰু প্ৰমোদ বড়োক ভাগ কৰিও বড়ো জাতিক ভাগ ভাগ কৰিব বিচাৰিছে।
হুছেইনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে নাকচ কৰিছে, 'কেন্দ্ৰীয় চৰকাৰৰ মন্তব্যৰ পিছত চাহ জনগোষ্ঠী, কোচ ৰাজবংশী আদি কৰি ছয় জনগোষ্ঠী বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ লৈছে' বুলি প্ৰকাশ কৰে।
সমাগত উপ-নিৰ্বাচনত ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছ বিজয় হোৱাটো নিশ্চিত বুলি দাবী কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লৈ মেথিয়াছ টুডুৱে ৪০ বছৰ ৰাজত্ব কৰা এইটো সমষ্টিত এইবেলি কংগ্ৰেছে আদিবাসী জনগোষ্ঠীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।