মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কংগ্ৰেছ নেতাৰ দেশ বিৰোধী মন্তব্য–পাকিস্তান, তুৰ্কী আৰু বাংলাদেশৰ সেনাই আক্ৰমণ কৰিব লাগে ভাৰতবৰ্ষ

কংগ্ৰেছ নেতাৰ দেশ বিৰোধী মন্তব্য–পাকিস্তান, তুৰ্কী আৰু বাংলাদেশৰ সেনাই আক্ৰমণ কৰিব লাগে ভাৰতবৰ্ষ

News18-Assam
Updated:August 10, 2019, 11:12 AM IST
কংগ্ৰেছ নেতাৰ দেশ বিৰোধী মন্তব্য–পাকিস্তান, তুৰ্কী আৰু বাংলাদেশৰ সেনাই আক্ৰমণ কৰিব লাগে ভাৰতবৰ্ষ
Source-nasir's facebook account

কাশ্মীৰ দখলৰ স্বাৰ্থত ভাৰতৰ বিৰুদ্ধে দেশকেইখনক একেলগ হ’বলৈ আহ্বান জনাইছে পশ্চীম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ নেতা নাছিৰ উদ্দিন আহমেদে

  • Share this:
এতিয়া ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই কৰিছে দেশ বিৰোধী মন্তব্য। ভাৰতৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সমৰ্থনত ছচিয়েল মিডিয়াত মন্তব্য কৰি এতিয়া বিপদত পৰিছে পশ্চীম গোৱালপাৰা সমষ্টিৰ এগৰাকী কংগ্ৰেছ নেতা।



চামগুৰিৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা হাছেন আলীয়ে ভাৰতক সমালোচনা কৰি পাকিস্তানৰ সেনাক সমৰ্থন কৰি ফেচবুকত পষ্ট শ্বেয়াৰ কৰাৰ পিছত এইবাৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ নাছিৰ উদ্দিন আহমেদ নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে সকলো সীমা চেৰাই ভাৰতবৰ্ষৰ বিৰুদ্ধে কৰিছে আপত্তিজনক মন্তব্য।



কংগ্ৰেছ কৰ্মী জনে ফেচবুকত কাশ্মীৰ দখলৰ উদ্দেশ্যে পাকিস্তান, বাংলাদেশ আৰু তুৰ্কীয়ে একেলগ হৈ ভাৰতবৰ্ষক আক্ৰমণ কৰিব লাগে বুলি মন্তব্য কৰিছে।

 
First published: August 10, 2019, 11:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি