ৰঙিয়াত উপস্থিত কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং। ৰিপাব্লিক টিভিৰ এডিটৰ–ইন–চীফ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জীতেন্দ্ৰ সিঙৰ। জিতেন্দ্ৰ সিঙে কয় – ‘যিয়ে যেনেকুৱা কাম কৰিব তাৰ ফল ভোগ কৰিব।’
‘‘বিজেপিয়ে যোৱা চাৰি বছৰে মাফিয়াৰ চৰকাৰ চলাইছে। যাৰ বাবে জনসাধাৰণে কষ্ট ভোগ কৰিব লগা হৈছে। বিজেপিয়ে ভগা ৰাজনীতি কৰে। সেয়েহে ২০২১ৰ নিৰ্বাচনত বিজেপিক বিদায় দিব কংগ্ৰেছে। এয়া অকল কংগ্ৰেছৰ যুদ্ধ নহয়, এয়া অসম প্ৰতিষ্ঠাৰ যুদ্ধ। অসমৰ সকলো জনসাধৰণে বিজেপিৰ কাম–কাজক লৈ অসন্তুষ্ট। সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ওপৰত জনতাই বিশ্বাস কৰি ভোট দিব।’’ – মন্তব্য জীতেন্দ্ৰ সিঙৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 05, 2020, 12:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|