১ নৱেম্বৰত চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে APCCৰ দায়িত্ববাহী জীতেন্দ্ৰ সিং

News18 Assam | News18-Assam
Updated:October 27, 2020, 4:09 PM IST
১ নৱেম্বৰত চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে APCCৰ দায়িত্ববাহী জীতেন্দ্ৰ সিং
APCCৰ দায়িত্ববাহী হিচাপে নিযুক্তি পোৱাৰ পিছত এয়া হ'ব ৰাহুল গান্ধীৰ বিশ্বস্ত বন্ধু হিচাপে খ্যাত জীতেন্দ্ৰ সিঙৰ প্ৰথমটো অসম ভ্ৰমণ৷

APCCৰ দায়িত্ববাহী হিচাপে নিযুক্তি পোৱাৰ পিছত এয়া হ'ব ৰাহুল গান্ধীৰ বিশ্বস্ত বন্ধু হিচাপে খ্যাত জীতেন্দ্ৰ সিঙৰ প্ৰথমটো অসম ভ্ৰমণ৷

  • Share this:
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন দায়িত্ববাহী জীতেন্দ্ৰ সিং আহি আছে অসমলৈ৷ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আহি আছে সিং৷ ১ নৱেম্বৰত অসমত উপস্থিত হ'ব জীতেন্দ্ৰ সিং৷

APCCৰ দায়িত্ববাহী হিচাপে নিযুক্তি পোৱাৰ পিছত এয়া হ'ব ৰাহুল গান্ধীৰ বিশ্বস্ত বন্ধু হিচাপে খ্যাত জীতেন্দ্ৰ সিঙৰ প্ৰথমটো অসম ভ্ৰমণ৷ ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে APCCৰ দায়িত্ব লোৱা জীতেন্দ্ৰ সিঙে ইতিমধ্যে কংগ্ৰেছক উজ্জীৱিত কৰিবলৈ প্ৰস্তুত কৰিছে বিশেষ ব্লুপ্ৰিণ্ট৷ APCCৰ সকলো নেতাৰে কৰিছে ভাগে ভাগে আলোচনা৷

কেৱল নেতাৰেই নহয়, দলৰ তৃণমূল পুৰণি কৰ্মীৰ সৈতেও টেলিফোনত বাৰ্তালাপ কৰিছে৷ এই দীঘলীয়া মত-বিনিময়ৰ পিছত কেতবোৰ বিষয়ত খৰ্গহস্ত জীতেন্দ্ৰ সিং৷ কিয়নো তৃণমূল পৰ্যায়ৰ পৰা তেওঁ তথ্য পাইছে দলৰ সলনি ব্যক্তিগত স্বাৰ্থত ঘূৰিছে একাংশ জ্যেষ্ঠ নেতা৷ দলীয় বিসম্বাদত জড়িত একাংশ জ্যেষ্ঠ নেতা৷ এই তথ্য পোৱাৰ পিছতে জীতেন্দ্ৰ সিঙে সকলো বিসম্বাদী নেতাৰ মুখত মাৰিছে ছেল'টেপ৷ এই সন্দৰ্ভত এক গোপন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে সিঙে৷

প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই এই কথা সদৰি কৰি জনোৱা মতে ১ নৱেম্বৰৰ দুপৰীয়া ১১.২০ বজাত দিল্লীৰ পৰা পোনে পোনে উপস্থিত হ'ব ডিব্ৰুগড়ত৷ সেইদিনা ডিব্ৰুগড়ত উজনি অসমৰ দলীয় বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ তথা দলীয় নেতৃত্ব আৰু চাহ জনগোষ্ঠীয় কোষৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ব৷ ১ নৱেম্বৰৰ নিশাটো ডিব্ৰুগড়তে কটাই পিছদিনা অৰ্থাৎ ২ নৱেম্বৰত উপস্থিত হ'ব যোৰহাটত৷

যোৰহাটত সিঙে উজনি অসমৰ ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে মিলিত হ'ব আলোচনাত৷ লগতে উজনিৰ ৯খন জিলাৰ কংগ্ৰেছ কমিটীৰ সভাপতিৰ সৈতে কৰিব আলোচনা৷ যোৰহাটত এই আলোচনা সমাপ্ত কৰি বিয়লি উপস্থিত হ'ব নগাঁৱত৷ নগাঁৱত সন্ধিয়া জ্যেষ্ঠ নাগৰিকৰে আলোচনাত মিলিত হৈ নিশাটো নগাঁও আৱৰ্ত ভৱনতে কটাব সিঙে৷

পিছদিনা অৰ্থাৎ ৩ নৱেম্বৰৰ আবেলি পৰ্যন্ত মধ্য অসম, উত্তৰ অসম আৰু পাহাৰী জিলাক সামৰি আঠ জিলা কংগ্ৰেছৰ সৈতে কৰিব আলোচনা৷ লগতে আলোচনা কৰিব বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ সৈতেও৷

৩ নৱেম্বৰৰ আবেলি সেই আলোচনা সমাপ্ত কৰি গুৱাহাটী অভিমুখে ৰাওনা হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন দায়িত্ববাহী সিং৷ গুৱাহাটীত উপস্থিত হৈয়ে তিনি নৱেম্বৰৰ সন্ধিয়া ছয় বজাত APCCৰ ক'ৰ কমিটীৰ সৈতে বৈঠকত বহিব৷ ৮ বজাত বৈঠকত বহিব মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI, সেৱাদল আৰু য়ুথ ব্ৰিগেদৰে৷ নিশাটো গুৱাহাটীত কটাই পিছদিনা জীতেন্দ্ৰ সিঙে ৪ নৱেম্বৰত সম্বোধন কৰিব সাংবাদিকক৷

পুৱা ৮ বজাতেই সাংবাদিকৰ সৈতে চাহমেল কৰি সম্বোধন কৰাৰ পিছত ৰাওনা হ'ব দিল্লীলৈ৷ কিন্তু জীতেন্দ্ৰ সিঙৰ APCCৰ দায়িত্ববাহী হিচাপে এই প্ৰথম অসম ভ্ৰমণসূচীটো অতি গুৰুত্বপূৰ্ণ হিচাপে এই মূহূৰ্তত বিবেচিত হৈছে৷ এই ভ্ৰমণসূচীতেই চূড়ান্ত হ'ব AIUDFৰে মিত্ৰতা আৰু মহাজোঁট বন্ধনৰ৷ চূড়ান্ত হ'ব BPFক পুনৰ আদৰি লোৱাৰ সিদ্ধান্ত৷
Published by: Sanjay Kumar Das
First published: October 27, 2020, 4:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading