প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতি ভূপেন বৰাই দলৰ ৬ বিধায়কে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত গাড্ডাৰি কৰা বুলি তালিকা প্ৰস্তুত কৰি গৈছিল দিল্লীলৈ ৷ দাবী কৰিছিল- গাড্ডাৰ ছয় বিধায়কৰ নাম দিয়া হ'ল AICCক ৷ ভূপেন বৰাৰ দাবীক পৰৱৰ্তীকালত কাৰ্যকৰী সভাপতি কমালক্ষ দে পুৰুকায়স্থই নস্যাৎ কৰিছিল ৷ কমলাক্ষই কৈছিল— “AICCক ভূপেন বৰাই দিয়া নাই কোনো তালিকা । কেনেকৈ তেওঁ তালিকা দিব? জীতেন্দ্ৰ সিং (Jitendra Singh) অসমলৈ আহিলেহে এই বিষয়ত আলোচনা হ'ব ৷”
গাড্ডাৰি কৰা দলীয় বিধায়কক চিনাক্ত কৰাৰ সন্দৰ্ভত কংগ্ৰেছে (Congress) লোৱা নীতিক শনিবাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিলে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে ৷ আশ্ৰাফুলৰ দাবী— “কংগ্ৰেছৰ ২২ বিধায়কেই গাড্ডাৰ ৷ চিনাক্ত কৰিলে দলৰ পৰাই বহিস্কাৰ কৰিব লাগিব সকলোকে ৷ বহিস্কাৰ কৰি নতুনকৈ দল গঠন কৰিব লাগিব কংগ্ৰেছে ৷”
AIUDFৰ দৰে শাসকীয় BJPৰ বিধায়ক হেমাংগ ঠাকুৰীয়ায়ো কংগ্ৰেছক দিলে গাড্ডাৰৰ দল আখ্যা ৷ হেমাংগৰ দাবী— “গাড্ডাৰেৰে ভৰি আছে কংগ্ৰেছ ৷ গাড্ডাৰ আৰু প্ৰতাৰকৰ মাজত কোনো পাথক্য নাই ৷ এতিয়া কেনেকৈ কংগ্ৰেছে গাড্ডাৰ চিনাক্ত কৰিব?”
কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে AIUDF আৰু BJPৰ বিধায়ক সৰৱ হৈ উঠাৰ সময়তে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই টাৰ্গেট কৰি ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ ভৱেশ কলিতাৰ দাবী— “পৰাজিত নায়ক ভূপেন বৰা ৷ পৰাজিত নায়কে চৰকাৰ গঠনৰ সপোন দেখাৰ আগতে প্ৰথমে সংখ্যা বঢ়াওক, পিছত চৰকাৰৰ সপোন দেখক ।”
পিছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত গাড্ডাৰি কৰা বিধায়কক চিনাক্ত কৰিব পাৰিবনে কংগ্ৰেছে? এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে ক'লে- “আদালতৰ দৰে হাইকামাণ্ডে এঢাপ এঢাপকৈ আগবাঢ়িছে ৷ হাইকামাণ্ডে ল'ব সকলো সিদ্ধান্ত । আনে ভাল পালে বা বেয়া পালেও আমাৰ দল হাইকামাণ্ডৰ নিৰ্দেশত চলা দল ৷”
এয়াই ৰাজনীতি ৷ ৰাইজ অপেক্ষাত— গাড্ডাৰ কোন? কোনে কোনে কৰিছিল ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ক্ৰছ ভোটিং সেয়া জানিবলৈ?
Published by: Manjumoni Borah
FIRST PUBLISHED : August 13, 2022, 22:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।