APCCৰ তত্ত্বাৱধায়ক হিচাপে প্ৰথম অসম ভ্ৰমণ কৰি প্ৰথমখন সংবাদমেলত জীতেন্দ্ৰ সিঙে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সিঙে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় শুকুৰবাৰৰ সংবাদমেলত৷
জীতেন্দ্ৰ সিঙে ক'লে- “মুখ্যমন্ত্ৰীয়ে কোনো ছিৰিয়াছ ইছ্যুত মাত নামাতে৷ ভয়ে ভয়ে দুই মিনিটৰ বাবে সাংবাদিকৰ সন্মুখীন হয় তেওঁ৷ মুখ্যমন্ত্ৰীৰ সলনি হিমন্তই ছুপাৰ CM হৈছে অসমত৷ লাউড স্পীকাৰৰ দৰে কাম কৰে আনজন মন্ত্ৰী হিমন্তই৷ তৰুণ গগৈৰ দিনত এনেকুৱা হোৱা নাছিল৷”
সংবাদমেলত BJP নেতৃত্বাধীন চৰকাৰৰ দিনত অসমত মহিলাৰ সুৰক্ষা নোহোৱা হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জীতেন্দ্ৰ সিঙে৷ লগতে ক'লে- “অসমত মাফিয়াৰ চৰকাৰ চলিছে৷ ক্ৰাইম এগেইনষ্ট অ’মেনত দেশৰ ভিতৰত অসমত এক নম্বৰত৷ লগতে সকলো সামগ্ৰীতে মাফিয়াৰ দৰে টেক্স লৈছে এইখন চৰকাৰে৷”
BJPয়ে মোগল আৰু হিন্দু সভ্যতাৰ কথা কৈ অসমত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে জীতেন্দ্ৰ সিঙে৷ BJPৰ বিভাজনৰ ৰাজনীতি অসমত নচলিব বুলি কৈ APCCৰ তত্ত্বাৱধায়ক সিঙে ২০২১ত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী কৰে৷
ইপিনে, নিৰ্বাচনৰ পূৰ্বে APCCৰ নেতৃত্ব সলনিৰ প্ৰসংগত জীতেন্দ্ৰ সিঙে ক'লে - “প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সলনিৰ বিষয়টো AICCৰ এক্টিয়াৰ৷ মোৰ দায়িত্ব হ'ল সাংগঠনিক৷ মই দেখাত সভাপতি ৰিপুণ বৰাই কষ্ট কৰি দায়িত্ব পালন কৰি আছে৷”
উল্লেখযোগ্য যে একাংশ নেতাই সংবাদ মাধ্যমৰ ট্ৰেপত পৰি যি কোনো মন্তব্য কৰাৰ প্ৰসংগত তেওঁ নেতাক ভালকৈ কথাবোৰ বুজাই দিছে বুলি শুকুৰবাৰে সদৰি কৰে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 06, 2020, 15:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|