ৰাজ্যসভাত বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থী প্ৰক্ষেপক লৈ আজমলৰে আলোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মাজুলী উপ নিৰ্বাচনতো বিজেপি বিৰোধী এগৰাকী প্ৰাৰ্থীৰ পোষকতা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বিৰোধীৰ লক্ষ্য ৰাজ্য সভাৰ দ্বিতীয়খন আসন আৰু মাজুলী বিধান সভা।
ৰাজ্যসভাত বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থী প্ৰক্ষেপক লৈ AIUDF ৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলৰে সোমবাৰে সন্ধিয়া আলোচনাত মিলিত হয় বিৰোধী দলপতি দেবব্ৰত শইকীয়া। সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ সৈতে বৈঠকত বিৰোধী দলপতিয়ে কংগ্ৰেছৰ দলীয় ৰণনীতিৰ আভাস দিছে।বৈঠকত AIUDF -য়েও প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে আগ্ৰহী যদিও আলোচনাৰ মাজেৰে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় দেবব্ৰত শইকীয়াই। মাজুলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিৰোধীক ঐক্যমতত উপনীত হৈ বিজেপিৰ বিৰুদ্ধে এগৰাকী প্ৰাৰ্থী ঠিয় কৰাবলৈ আহ্বান জনাই দেবব্ৰত শইকীয়াই। চান্দা সংস্কৃতি বন্ধ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। অসমীয়া জাতি ইমান দুৰ্বল নহয় যে বিহু উদযাপনৰ বাবে চৰকাৰী অনুদান লাগে বুলি কয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেবব্ৰত শইকীয়াই। অনুদান ঘোষণাৰে উপলুঙা কৰা যেনহে অনুভৱ হৈছে বুলি কৈ ক্ষোভ উজাৰে দেবব্ৰত শইকীয়াই।চিৰাং জিলাৰ বাসুগাওত কৰ্মৰত সাংবাদিকক আৰক্ষীয়ে নিগ্ৰহ কৰা ঘটনাক ধিক্কাৰ দিছে বিৰোধী দলপতিগৰাকীয়ে। ইফালে গৰুখুটীৰ উচ্চেদিত নাগৰিকসকল যদি ভাৰতীয় তেন্তে তেওলোকক গৰুখুটী প্ৰকল্পৰ ওচৰতে সংস্থাপন দিবলৈ চৰকাৰক অনুৰোধ জনাই দেবব্ৰত শইকীয়াই।
Published by: Kokil Sarma
FIRST PUBLISHED : February 08, 2022, 15:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।