• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ সংবাদমেল, ভৱেশ কলিতাৰ বিৰুদ্ধে ন্যায়িক তদন্ত দাবী

ৰঙিয়াত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ সংবাদমেল, ভৱেশ কলিতাৰ বিৰুদ্ধে ন্যায়িক তদন্ত দাবী

দত্তৰ অভিযোগ যে ৰঙিয়াত ভয়–ভাবুকিৰ ৰাজনীতি কৰিছে ভৱেশ কলিতাই।

দত্তৰ অভিযোগ যে ৰঙিয়াত ভয়–ভাবুকিৰ ৰাজনীতি কৰিছে ভৱেশ কলিতাই।

দত্তৰ অভিযোগ যে ৰঙিয়াত ভয়–ভাবুকিৰ ৰাজনীতি কৰিছে ভৱেশ কলিতাই।

  • Share this:
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ ৰঙিয়াত সংবাদ মেল । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে অংকিতা দত্তই ।

দত্তৰ মতে,  জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়ছোৱাত ভৱেশ কলিতাই জলসিঞ্চন বিভাগৰ নামত চাকৰি দিয়াৰ বাবদ প্ৰাৰ্থীৰ পৰা বিচাৰিছিল তিনি লাখৰ পৰা পাঁচ লাখ টকালৈ। ভৱেশ কলিতাৰ ঘনিষ্ঠ ৰঙিয়াৰ ৪০ৰ পৰা ৫০ গৰাকীয়ে লাভ কৰিছে জলসিঞ্চন বিভাগত চাকৰি।

দত্তৰ অভিযোগ যে ৰঙিয়াত ভয়–ভাবুকিৰ ৰাজনীতি কৰিছে ভৱেশ কলিতাই। ৰঙিয়াত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে জলসিঞ্চন বিভাগত চাকৰি লাভ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে চাকৰি লাভ কৰিবলৈ হ'লে বিজেপিৰ কৰ্মী তথা ঘনিষ্ঠ হ'ব লাগিব আৰু পইচা দিব লাগিব চাকৰিৰ বাবদ ভৱেশ কলিতাক।

জলসিঞ্চন বিভাগৰ চাকৰি কেলেংকাৰিত জড়িত বুলি অভিযোগ কৰি ভৱেশ কলিতাৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী উত্থাপনৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অংকিতা দত্তই। উল্লেখ্য আজি দিনত কংগ্ৰেছে ভৱেশ কলিতাৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল আৰু অংকিতা দত্ত প্ৰতিবাদস্থলীত আহত হৈছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি