‘আজমলৰ দল মিছলীয়া, জৰা–ফুকা কৰা দলটোক সমুলি উৎখাত কৰিব লাগিব’

News18 Assam | News18-Assam
Updated:August 20, 2020, 12:02 AM IST
‘আজমলৰ দল মিছলীয়া, জৰা–ফুকা কৰা দলটোক সমুলি উৎখাত কৰিব লাগিব’
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক কেন্দ্ৰ কৰি  বৰ্তমানে সৰব চৰ্চা সংখ্যালঘু বসতি প্ৰধান নামনি অসমত।

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক কেন্দ্ৰ কৰি  বৰ্তমানে সৰব চৰ্চা সংখ্যালঘু বসতি প্ৰধান নামনি অসমত।

  • Share this:
এফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মহাজোটবন্ধনৰ ঘোষণা, আনফালে এআইইউডিএফৰ সভাপতিক মিছলীয়া আখ্যা প্ৰাক্তন কংগ্ৰেছ বিধায়কৰ। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক কেন্দ্ৰ কৰি  বৰ্তমানে সৰব চৰ্চা সংখ্যালঘু বসতি প্ৰধান নামনি অসমত।
উল্লেখযোগ্য যে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ সঘনে আলোচনা হৈ থকাৰ সময়তে নামনি অসমৰ দুয়ো দলৰে বহু নেতাই ইতিমধ্যেই নিদ্ৰাহীন নিশা পাৰ কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এই মিত্ৰতাই দীৰ্ঘদিনৰ পৰা বুকুত বিধায়ক হোৱাৰ সপোন বান্ধি ফুৰা বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ এন্ধাৰৰ ফালে ঠেলি দিয়াৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে।

এনে সময়তে নামনি অসমৰ জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা প্ৰভাৱশালী কংগ্ৰেছ নেতা আবতাফ উদ্দিন মোল্লাই মেদেৰটাৰীৰ নাও দুৰ্ঘটনাৰ প্ৰসংগত বদৰুদ্দিন আজমলক মিছলীয়া আখ্যা দিয়ে। মোল্লাই জলেশ্বৰ পঞ্চায়তৰ শিয়ালকান্দা বজাৰত ২০০ এআইইউডিএফ কৰ্মী কংগ্ৰেছত যোগদান কৰা এখন সভাত অংশগ্ৰহণ কৰি কেৱল মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি আজমলক কটাক্ষ কৰে।

তেওঁ কয় – মেদেৰটাৰীৰ শোকাৱহ নাও দুৰ্ঘটনাত ৪৬ জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। ঘটনা সংঘটিত হোৱাৰ পিছতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাহুল গান্ধীক লগত লৈ প্ৰতিটো দুৰ্ভগীয়া পৰিয়ালক সাক্ষাৎ কৰি আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল। কথামতেই কাম, তিনি মাহৰ ভিতৰতে প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দুই লাখ টকা , ৰাহুল গান্ধীয়ে এক লাখ টকা আৰু তেতিয়াৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে এক লাখ বিশ হেজাৰ টকাকৈ প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছিল। আনকি তেতিয়াৰ বিধায়ক আবতাফ উদ্দিন মোল্লাই নিজেই প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ এবস্তাকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিছিল।

সেই সময়ত হেলিকপ্টাৰযোগে বদৰুদ্দিন আজমলো আহিছিল। দুৰ্ঘটনাগ্ৰন্থ পৰিয়াললৈ আজমলৰ  ১৮জন বিধায়কৰ এমাহৰ দৰমহা আৰু আজমল ফাউণ্ডেচনৰ ফালৰ পৰা দুই কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও আজিলৈ এটকাও নিদিলে বুলি মোল্লাই অভিযোগ কৰে। আবতাফ উদ্দিন মোল্লাৰ মতে ইয়াৰ বিচাৰ ৰাইজে কৰিব আৰু আগন্তুক নিৰ্বাচনত এই জৰা–ফুকা কৰা দলটোক সমুলে উচ্ছেদ কৰিব লাগিব।
Published by: Sanjay Kumar Das
First published: August 20, 2020, 12:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি