• Home
  • »
  • News
  • »
  • assam
  • »
  • সাহস আছে যদি তিনিওজন নিলম্বিত কংগ্ৰেছী বিধায়কে উপ নিৰ্বাচনৰ মুখামুখি হওক: আব্দুৰ ৰশিদ মণ্ডলৰ বিস্ফোৰণ ...

সাহস আছে যদি তিনিওজন নিলম্বিত কংগ্ৰেছী বিধায়কে উপ নিৰ্বাচনৰ মুখামুখি হওক: আব্দুৰ ৰশিদ মণ্ডলৰ বিস্ফোৰণ ...

আব্দুৰ ৰশিদ মন্ডলে অভিযোগ কৰা মতে শশীকান্ত দাস, শ্বেৰমান আলী আহমেদ আৰু ছিদ্দিক আহমেদৰ উপ নিৰ্বাচনৰ মুখামুখি হবলৈ সৎ সাহস নাই, সেয়ে বিজেপিৰ হৈ কাম কৰি আছে।

  • Share this:
"লাজ নাই কংগ্ৰেছৰ তিনি নিলম্বিত বিধায়কৰ। দলবিৰোধী কাৰ্যৰ বাবে ৰহাৰ বিধায়ক শশীকান্ত দাস, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু বৰাক উপত্যকাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদক জাতীয় কংগ্ৰেছ দলে নিলম্বিত কৰিছিল। বিধায়ক তিনিজনে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত নিজৰ নিজৰ সমষ্টিৰ পৰা হাতৰ ছবিত জয় হৈ আহি কংগ্ৰেছ দলক গাদ্দাৰী কৰিছে।" এই গুৰুতৰ অভিযোগ উত্থাপন কৰে গোৱালপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰশিদ মন্ডলে। আব্দুৰ ৰশিদ মন্ডলে অভিযোগ কৰা মতে শশীকান্ত দাস, শ্বেৰমান আলী আহমেদ আৰু ছিদ্দিক আহমেদৰ উপ নিৰ্বাচনৰ মুখামুখি হবলৈ সৎ সাহস নাই, সেয়ে বিজেপিৰ হৈ কাম কৰি আছে।

উপ নিৰ্বাচন হলে কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত বিপুল ভোটত পৰাস্ত হ'ব তিনিওজন বিশ্বাসঘাটক বিধায়ক। সিমানতে ক্ষান্ত নাথাকি আব্দুৰ ৰশিদ মন্ডলে কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয় হৈ দলক বিশ্বাসঘাটকতা কৰি বিজেপিৰ শিবিৰৰ কাষ চাপিলেও গেৰুৱা দলে শশীকান্ত দাসক উপ নিৰ্বাচনত টিকটে নিদিব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি