প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰা অধিকাংশই এনএছইউআইৰ কৰ্মী।
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰা অধিকাংশই এনএছইউআইৰ কৰ্মী।
"এআইইউডিএফৰ সৈতে আমাৰ মিত্ৰতাৰ কথা চলিহে আছে, হোৱা নাই, কিন্তু বিজেপিৰ সৈতে টো এআইইউডিএফৰ মিত্ৰতা চলিয়ে আছে" নগাঁৱত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। নগাঁৱৰ সঞ্জয় ভৱনত আয়োজিত এক যোগদান সমাৰোহত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনে এই মন্তব্য কৰে।
উল্লেখযোগ্য যে নগাঁও জিলা এনএছইউআইয়ে আয়োজন কৰা যোগদান সমাৰোহক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এই সভাখনত কংগ্ৰেছীকে পুনৰ কংগ্ৰেছ দলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰা অধিকাংশই এনএছইউআইৰ কৰ্মী।
আজি আয়োজিত এই সভাত যোগদান কৰা বিপুল ফাৰুক এনএছইউআইৰ নেতা হোৱাৰ উপৰিও প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰো ঘণিষ্ঠ হিচাপে পৰিচিত। একেদৰে আজি কংগ্ৰেছত যোগদান কৰা সকলক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে স্পষ্ট ভাবে কয় যে তেওঁলোক কংগ্ৰেছৰ পৰাই কংগ্ৰেছলৈ আহিছে।
আনহাতে এনএছইউআইৰ বেনাৰত আয়োজিত এই সভাখনলৈ আমন্ত্ৰন কৰা নহ’ল এনএছইউআইৰ জিলা সভাপতি অক্ষয় কটকীক। ইয়াৰ বিপৰীতে সভাত উপস্থিত থাকে আমিৰ হামজা খান। উল্লেখযোগ্য যে দুটা লবীত বিভক্ত হোৱা নগাঁও এনএছইউআইৰ অক্ষয় কটকী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ হোৱাৰ বাবেই তেওঁক এইখন সভাৰ পৰা আঁতৰাই ৰখাৰ বিপৰীতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিচাপে চৰ্চিত এনএছইউআইৰ নেতা আমিৰ হামজা খানে সভাত আগ-ভাগ লোৱাও দেখিবলৈ পোৱা যায়।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|