অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে বৰপেটাৰ হাউলীত বৰপেটা জিলা কংগ্ৰেছে জনজাগৰণ অভিযানৰ পদযাত্ৰা কৰে ৷ বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত হাউলী চহৰত বিশাল পদযাত্ৰাৰে চৰকাৰক সকীয়নি দিয়ে কংগ্ৰেছে ৷
মূল্যবৃদ্ধি, দেশৰ ভুল অৰ্থনীতি, চৰকাৰৰ লুটৰাজৰ অভিযোগ আনি বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে বিজেপি দলক শাসনলৈ অহাৰ আশা বাদ দিবলৈ আহ্বান জনায়।
ইপিনে পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰপেটাৰ সাংসদ আব্দুল খালেকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক সজাগ, সচেতন আৰু সংগঠিত কৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এই পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰ মাজতে সাংসদ খালেকে উভতি ধৰে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক।
ভাৰতৰ স্বাধীনতাক ভিক্ষা আখ্যা দিয়াৰ লগতে মহাত্মা গান্ধী সম্পৰ্কে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ দাবী– অকল মহাত্মা গান্ধীকে নহয়, কংগনাই সমগ্ৰ স্বাধীনতা সংগ্ৰামখনকে অসন্মান কৰিছে ৷
সাংসদগৰাকীৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ সামান্যতমো মূল্যবোধ থকা হ'লে কংগনা ৰাণাৱটক গ্ৰেপ্তাৰ কৰাৰ লগতে পদ্মশ্ৰী সন্মান ঘূৰাই ল'লেহেঁতেন। স্বাধীনতা সংগ্ৰামত বিজেপি দলে অংশগ্ৰহণ নকৰা বাবেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি বিজেপিৰ শ্ৰদ্ধা নাই বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷
উল্লেখ্য, অভিনেত্ৰী কংগনা ৰানাৱটে ভাৰতে ১৯৪৭ চনত পোৱা স্বাধীনতা ভিক্ষা আছিল বুলি কৈ ভাৰতে ২০১৪তহে প্ৰকৃত স্বাধীনতা পাইছিল বুলি কৈছিল। লগতে তেওঁ কোনো এগৰাকী ব্যক্তিৰ পক্ষে গান্ধী আৰু নেতাজী দুয়োৰে সমৰ্থক হোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|