বিজেপিমুখী কংগ্ৰেছী বিধায়ক শশীকান্ত দাসলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰৰ সন্ধিয়া কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৷ সোমবাৰে দুপৰীয়া অসম বিধানসভাৰ সচিবালয়ত ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাৰ ওচৰত চৰকাৰী পক্ষত সমৰ্থন দিয়াৰ কথা সদৰি কৰিছিল ৰহা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে ৷ মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু সভাপতি কলিতাৰ ভৰি চুই আৰ্শীবাদো লয় কংগ্ৰেছী বিধায়ক দাসে ৷
ইয়াৰ পিছত সোমবাৰৰ আবেলি জৰুৰীকালীন ভাৱে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক সম্পন্ন ৷ কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত শশীকান্ত দাসৰ বিৰুদ্ধে দলক শাস্তিমূলক ব্যৱস্থা লোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ বিধায়িনী দলৰ পৰা প্ৰস্তাৱ পোৱাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছে বিধায়ক শশীকান্ত দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ৷ কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ ২৪ ঘণ্টাৰ ভিতৰত বিধায়ক দাসে দিব লাগিব বুলি APCCয়ে সদৰি কৰিছে ৷
সোমবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “CLPত শশীকান্ত দাসৰ সন্দৰ্ভত আলোচনা হয় ৷ দলক জনোৱাৰ সিদ্ধান্ত লোৱা হ'ল যে আজি কিছুসময় বিধায়িনী দলৰ সৈতে থাকি হঠাতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি চৰকাৰৰ আনুগত্য প্ৰকাশ কৰিলে ৷ দলে শশীকান্ত দাসৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা ল'ব ৷ কংগ্ৰেছত থাকি চৰকাৰৰ সমৰ্থন কেনেকৈ কৰিব ? BJPক হৰুৱাই তেওঁ জিকি আহিছিল ৷”
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|