মৌলবাদী ভোট লাভৰ বাবে আজমলক সাম্প্ৰদায়িক মন্তব্য দিবলৈ শিকাইছে কংগ্ৰেছে, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

'এক বিশেষ সম্প্ৰদায়ৰ ভোট লাভৰ বাবেই হৈছে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা। কংগ্ৰেছে মৌলবাদী ভোট লাভৰ বাবেই আজমলক সম্প্ৰদায়িক মন্তব্য দিবলৈ শিকাইছে।' গোলাঘাটত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
'এক বিশেষ সম্প্ৰদায়ৰ ভোট লাভৰ বাবেই হৈছে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা। কংগ্ৰেছে মৌলবাদী ভোট লাভৰ বাবেই আজমলক সম্প্ৰদায়িক মন্তব্য দিবলৈ শিকাইছে।' গোলাঘাটত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
- News18 Assam
- Last Updated: January 22, 2021, 4:40 PM IST
গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ আৰু AIUDF দলক। আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা এক বিশেষ সম্প্ৰদায়ৰ ভোট লাভৰ বাবে। এই মিত্ৰতাৰ ফলত মৌলবাদী ভোট লাভ কৰিব কংগ্ৰেছে। সেইবাবে কংগ্ৰেছে আজমলক সম্প্ৰদায়িক মন্তব্য ৰাখিবলৈ জনাইছে। এই মিত্ৰতাৰ ফলত বিজেপিৰ জয় তিনিশ গুণ নিশ্চিত হ'ল। গোলাঘাটত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা, বিধায়ক মৃনাল শইকীয়া, ভবেন ভৰালী আৰু প্ৰাক্তন বিধায়িকা অজন্তা নেওগে।