অসমৰ ৰাইজক গেৰাণ্টি দি ভোট বিচৰা কংগ্ৰেছৰ নিজৰ মাজতে নাই বিশ্বাস, সেয়ে কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ পৰামৰ্শত মহাজোঁটৰ অংশীদাৰ এআইইউডিএফ আৰু বিপিএফৰ প্ৰাৰ্থীয়ে দলত্যাগ কৰাৰ ভয়ত অসমৰ পৰা স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছে।- এই মন্তব্য নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ।
নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লগতে কয়, "এইবাৰ একক সংখ্যা গৰিষ্ঠতা আৰু পূৰ্বতকৈ অধিক আসন লাভ কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোটে চৰকাৰ গঠন কৰিব। সেয়ে বিজেপিক হৰ্ছ ট্ৰেডিঙৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে এআইইউডিএফৰ বিধায়কৰ সমৰ্থন লোৱাটো বিজেপিৰ বাবে সপোনৰো অগোচৰ। অৱশ্যে কংগ্ৰেছৰ পৰাজয় নিশ্চিত বুলি গম পাই বহু বিজয়ী হ'ব লগা প্ৰাৰ্থীয়ে দলত্যাগ কৰাৰ কথা চিন্তা কৰিছে। সেয়ে কংগ্ৰেছ নেতৃত্ব শংকিত হৈ এনে নাটক কৰিছে।"
আনহাতে, নগাঁও সদৰ সমষ্টিত এইবাৰ তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰি শৰ্মাই কয়, "বিগত সময়ছোৱাত হোৱা উন্নয়ণমূলক কাম-কাজত আকৰ্ষিত হৈ ৰাইজে এইবাৰ নিৰ্বাচনত ব্যাপক হাৰত ভোটদান কৰিবলৈ ওলাই আহিছে। পৰিপ্ৰেক্ষিতত এইবাৰ নগাঁৱত বৃহৎ ব্যৱধানত বিজেপি জয়ী হোৱাটো নিশ্চিত।"
Published by: Kokil Sarma
FIRST PUBLISHED : April 11, 2021, 20:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।