‘আমাৰ মাজত থকা বেয়া তেজ আঁতৰি গৈছে’, ধানৰ পতান বোৰ উৰি গৈছে!

কংগ্ৰেছ নেতাৰ বিজেপি গমনক লৈ জোকাৰণি ৰাজীৱ ভৱনত

News18-Assam
Updated:August 11, 2019, 7:57 PM IST
‘আমাৰ মাজত থকা বেয়া তেজ আঁতৰি গৈছে’, ধানৰ পতান বোৰ উৰি গৈছে!
Source-Google
News18-Assam
Updated: August 11, 2019, 7:57 PM IST
ইজনৰ পিছত সিজন নেতাই এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। দলৰ ইজনৰ পিছত সিজন শীৰ্ষ পৰ্যায়ৰ নেতাই দল ত্যাগ কৰাৰ ফলত এতিয়া ৰাজীৱ ভৱনত সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। তেনে সময়তে দেওবাৰে প্ৰদেশ কংগ্ৰেছে
জৰুৰী ভাৱে অনুষ্ঠিত কৰে দলৰ ক'ৰ কমিটিৰ বৈঠক। সভাপতি ৰিপুন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰকিবুল হুছেইন সহ প্ৰায়সকল জ্যেষ্ঠ নেতা উপস্থিত থাকে।



বৈঠকত ৰিপুন  বৰাই কয় যে, ‘আমাৰ কোনো খহনীয়া হোৱা নাই, ভুৱনেশ্বৰ কলিতাৰ যোগদানত কিয় অমিত শ্বাহ নাথাকিল? সুবিধাবাদী সকল দলৰ পৰা গৈছে আৰু কোনোবা যাব বিছাৰিলে যাব পাৰে! আগন্তুক দিনত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি দল শক্তিশালী কৰা হ’ব। ধানৰ পতান বোৰ উৰি গৈছে যাওক’!

বৈঠতকে ছোনিয়া গান্ধী অন্তৱৰ্তীকালীন ভাবে দলৰ সভানেত্ৰী হোৱাৰ বাবে অভিনন্দন জনালে প্ৰদেশ কংগ্ৰেছে। ৰাহুল গান্ধীয়ে দলক পুনৰুত্থান কৰাৰ বাবে লোৱা পদক্ষেপকো অভিনন্দন জনালে প্ৰদেশ কংগ্ৰেছে। উল্লেখযোগ্য যে ১৯ আগষ্ট ত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত ৰাজ্যজুৰি হব সদ্ভাৱনা যাত্ৰা! সেই দিনা বন্তি প্ৰজ্বলন কৰি সমদল উলিওৱা হ’ব। সেইদৰে  ২০ আগষ্টত অনুষ্ঠিত কৰা হ’ব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা।



বৈঠকৰ অন্তত কংগ্ৰেছ দলত হোৱা শেহতীয়া খহনীয়াৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, ‘ভুৱেনেশ্বৰ কলিতা যে প্ৰকৃত নেতা নাছিল সেয়া সন্দেহ নাই। যি যাব বিচাৰিছে যাব পাৰে । আমাৰ মাজত থকা বেয়া তেজ বোৰহে আঁতৰি গৈছে !’
আৰু চাওক পৰৱৰ্তী বাতৰি