• Home
  • »
  • News
  • »
  • assam
  • »
  • গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ, পিন্ধি থকা চোলা ফালি APCCৰ সভাপতিয়ে ক'লে-Kill Me

গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ, পিন্ধি থকা চোলা ফালি APCCৰ সভাপতিয়ে ক'লে-Kill Me

মঙ্গলদৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। হতা হতি, চোলাৰ বুটাম ফালি "Kill Me" বুলি কিয় ক'লে APCC ৰ সভাপতি ভূপেন বৰাই?

মঙ্গলদৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। হতা হতি, চোলাৰ বুটাম ফালি "Kill Me" বুলি কিয় ক'লে APCC ৰ সভাপতি ভূপেন বৰাই?

মঙ্গলদৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। হতা হতি, চোলাৰ বুটাম ফালি "Kill Me" বুলি কিয় ক'লে APCC ৰ সভাপতি ভূপেন বৰাই?

  • Share this:
"Why you are doing this.  You kill me. You want to kill me? পুলিচৰ দাদাগিৰি, প্ৰশাসনৰ দাদাগিৰি।"- এগৰাকী  প্ৰশাসনিক বিষয়াই উপায়ুক্ত কাৰ্যলয়ত প্ৰৱেশত বাধা দিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ চাৰ্ট ফালি এনেদৰে কয়।

"ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে এটাৰ পিছত আন এটা মৃত্যুৰ কিৰিলি শুনিবলগীয়া হৈছে। মিজোৰাম সীমান্ত, ডিমাহাছাও, মাজুলীৰ পিছত এইবাৰ ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিৰীহ লোকক হত্যা কৰিছে এই খন চৰকাৰে। প্ৰশাসনে আমাৰ বিধায়ক সাংসদসকলক অপব্যৱহাৰ কৰিছে। আমি কংগ্ৰেছ দলৰ প্ৰতিজনে বুকু পাতি দিছো। অসমত হিন্দু মুছলমানৰ মাজত ভাতৃঘাটি সংঘৰ্ষৰ সৃষ্টি নকৰিব।'- এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে মঙলদৈত আক্ৰমণাত্মক হৈ পৰে প্ৰদাশ কংগ্ৰেছৰ সভাপতিগৰাকী।

দৰঙৰ ছিপাঝাৰ ধলপুৰত উচ্ছেদৰ নামত নিৰ্মম গুলিচালনাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বণৰ লগতে নিহত-আহত সকলৰ আত্মীয়ক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবীত শুকুৰবাৰে মঙলদৈত উপায়ুক্ত ৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত দৰং জিলা কংগ্ৰেছ কমিটিৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত "অৱস্থান ধৰ্মঘট" কাৰ্যসূচী ৰূপায়ন কৰে।

মঙলদৈ ৰাজীৱ ভৱনৰ পৰা ওলাই অহা সমদলত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , সাংসদ ৰিপুন বৰা, সাংসদ আব্দুল খালেক, উপ দলপতি ৰকিবুল হুচেইন,কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী, বিধায়ক বসন্ত দাস, কমলেক্ষ দেৱ পুৰকায়স্থ, জাকিৰ হুছেইন সিকদাৰ, আব্দুল ৰচিদ,নৰুল হুদা আদি নেতাই।
Published by:Himangshu Bhuyan
First published: