২১ত মাজুলীৰ পৰা নিৰ্বাচন নেখেলে নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে? কোন সমষ্টি বাচি ল’ব সোণোৱালে?

News18 Assam | News18-Assam
Updated:July 31, 2020, 6:02 PM IST
২১ত মাজুলীৰ পৰা নিৰ্বাচন নেখেলে নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে? কোন সমষ্টি বাচি ল’ব সোণোৱালে?
যোৰহাটৰ নিমাতীঘাটত শুকুৰবাৰে ‘নিমাতী কইনা’ক বিদায় দিলে কংগ্ৰেছ দলে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাতী-কমলাবাৰী সংযোগী দলং নিৰ্মাণ কৰাৰ নামত বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত ব্ৰহ্মপুত্ৰৰ বুকুত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে।

যোৰহাটৰ নিমাতীঘাটত শুকুৰবাৰে ‘নিমাতী কইনা’ক বিদায় দিলে কংগ্ৰেছ দলে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাতী-কমলাবাৰী সংযোগী দলং নিৰ্মাণ কৰাৰ নামত বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত ব্ৰহ্মপুত্ৰৰ বুকুত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে।

  • Share this:
যোৰহাটৰ নিমাতীঘাটত শুকুৰবাৰে ‘নিমাতী কইনা’ক বিদায় দিলে কংগ্ৰেছ দলে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাতী-কমলাবাৰী সংযোগী দলং নিৰ্মাণ কৰাৰ নামত বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত ব্ৰহ্মপুত্ৰৰ বুকুত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। আনহাতে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

পিছে যোৰহাটৰ নিমাতীঘাটত কংগ্ৰেছ দলে বিদায় দিয়া কোন এইগৰাকী নিমাতী কইনা?

কংগ্ৰেছৰ মতে, নিমাতী কইনাগৰাকী হৈছে অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল। সেয়েহে শুকুৰবাৰে নিমাতীঘাটৰ লগতে ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰি মাজুলীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। নিমাতী-মাজুলী সংযোগী দলং নিৰ্মাণৰ নামত ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় চাৰে চাৰিবছৰ ধৰি ৰাইজক ঠগি অহাৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মীয়ে নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ ফেৰী যাত্ৰাৰে লুইতৰ বুকুত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।



‘নিমাতীঘাটত নিমাতী কইনাক বিদায়’ নামেৰে আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সম্পাদক ৰাণা গোস্বামীকে মুখ্য কৰি বহু সংখ্যক কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে।

" সোণোৱালে আগতেও কয় এইবাৰো কৈছে যে, নিমাতী-মাজুলী সংযোগী দলংখন হ’ব। কিন্তু সেয়া যে, নিৰ্বাচনী টোপ সকলোৱে বুজি পাবলৈ ধৰিছে। আমি সেয়েহে আজি মাজুলীলৈ আহিছো বিজেপি চৰকাৰৰ মিথ্যাচাৰ ৰাইজৰ আগত উদঙাই দেখুৱাবলৈ। ",এনেদৰে কয় ৰিপুণ বৰাই।



আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰিপুণ বৰাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিটো নিৰ্বাচনতে বেলেগ বেলেগ সমষ্টিৰ পৰা নিৰ্বাচন খেলে আৰু সেয়া বিগত নিৰ্বাচনসমূহত ৰাইজে দেখি আহিছে বুলি ৰিপুণ বৰাই সোণোৱালক কটাক্ষ কৰে। কেৱল এয়াই নহয়, এইবাৰ সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰিপুন বৰাই।

" আমাৰ সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ '২১ৰ নিৰ্বাচনত মাজুলীৰ পৰা নিৰ্বাচন নেখেলে। ইতিমধ্যে সোণোৱালে ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে। সেয়েহে মাজুলীৰ দলঙৰ প্ৰতিও বিশেষ গুৰুত্ব নাই।’ এনেদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: July 31, 2020, 5:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading