শেহতীয়াকৈ ৰহাত হোৱা ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বন্যাৰ্তক বান সাহায্য বিতৰণ কৰা উদ্দেশ্যে শনিবাৰে ৰহাত উপস্থিত হয়হি অসম প্ৰদেশ কংগ্ৰেছ কমিটী বিষয়ববীয়া।
শনিবাৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱা মণি বৰাই ৰহাৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তক সাহায্য প্ৰদান কৰে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বান সাহায্য প্ৰদানৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে। চৰকাৰ তথা প্ৰশাসনে বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি ভূপেন বৰাই উল্লেখ কৰে (Congress distributes flood relief at Raha)।
ইপিনে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বান সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে গাদী হেৰুওৱাৰ ভয়ত অসমৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক পেকেজ বিচৰাৰ সাহস নাই মুখ্যমন্ত্ৰীৰ। এনেকুৱা অসহায়, মেৰুদণ্ডবিহীন মুখ্যমন্ত্ৰী অসমত দ্বিতীয়জন নাছিলে বুলিও প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বৰ্তমানৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : June 25, 2022, 15:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|