বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীক ‘BHRAST JUMLA PARTY’ আখ্যা দি এখন অভিযোগনামা বিতৰণ কৰিছে কংগ্ৰেছে৷ ভাৰত জোড়ো (Bharat Jodo) যাত্ৰা সামৰি 'হাথ সে হাথ জোড়ো' (Hath Se Hath Jodo) যাত্ৰা আৰম্ভ কৰি দেশবাসীৰ মাজত ৰাহুল গান্ধীৰ এখন পত্ৰ বিতৰণৰ লগতে বিজেপিৰ বিৰুদ্ধে এখন অভিযোগনামা (Chargesheet) বিতৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷
গণৰাজ্য দিৱসৰ দিনটোতে APCCএ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা ‘হাথ সে হাথ জোড়ো’ যাত্ৰা আৰম্ভ কৰি সকলোকে দিছে পত্ৰ আৰু অভিযোগনামা৷ পিছে কি আছে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে বিতৰণ কৰা অভিযোগনামাত?
অভিযোগনামাত উল্লেখ কৰা হৈছে এইদৰে :মুষ্টিমেয় এমুঠিক লগত লৈ 'ছ্যুট-বুট'ৰ লুট-• শপত গ্ৰহণ কৰিবলৈ এজন পুঁজিপতি ব্যবসায়ীৰ ব্যক্তিগত জেট বিমানত মোদী দিল্লীলৈ আহিছিল যিজন ২০১৪ চনৰ পিছত ৫০ শতাংশ অধিক সম্পদশালী হৈ উঠিছিল।
• দেশৰ ৩৪ শতাংশ সম্পন্ন কেবল ১০ শতাংশ সম্পদশালী হতে কুক্ষিগত হৈ পৰিছে য'ত মাত্র ৬ শতাংশ সম্পদহে নিয়ন্ত্রিত হৈছে তলৰ ৫০শতাংশৰ দ্বাৰা৷
• মোদীৰ ব্যৱসায়ী বন্ধুবর্গই লোৱা ৭২,০০০ কোটি টকাৰ ঋণ মাফ কৰি দিয়া হ'ল কিন্তু এজনো দৰিদ্ৰ খেতিয়কৰ ঋণ ৰেহাই দিয়া নহ'ল ৷
• মোদীৰ ঘনিষ্ঠ বন্ধুক ভাৰতৰ জাহাজ বন্দৰ, বিমান বন্দৰ, বিদ্যুৎ খণ্ড আৰু কয়লা উৎপাদন ৩০শতাংশ উপহাৰ হিচাপে দিয়া হ'ল।
নিজৰ বিকাশৰ অংক, কেৱল প্ৰচাৰৰ ধুম আৰু পৰিয়ালতন্ত্র –মোদীৰ ব্যক্তিত্বৰ পৰিচিতি তুলি ধৰিবলৈ বি জে পিয়ে ১০,০০০ কোটি টকাৰো অধিক কৰদাঁতাৰ ধন ব্যয় কৰিছে। ৯০ শতাংশ অস্বচ্ছ নির্বাচনী ব'গুৰ নামত সংগৃহীত ‘বৈধ গুণ্ডাকৰ'কে ধৰি বি জে পিৰ সম্পত্তিৰ পৰিমাণে ৫,০০০ কোটি অতিক্ৰম কৰিলে। ২০ মন্ত্ৰী, ১৪ সাংসদ আৰু ৩১ বিধায়কৰ ৬৫ জনীয়া হিতাধিকাৰীৰে ভাই-ভাতিজা জনতা পাৰ্টীৰ পৰিয়ালতন্ত্ৰৰ ছবি স্পষ্ট হ'ল। অমিত শ্বাহৰ পুত্ৰই চলাইছে ভাৰতীয় ক্রিকেট আৰু আনফালে অগ্নিবীৰসকল নিযুক্ত হ'ব নিৰাপত্তাৰক্ষীৰ চাকৰিত।
জনতাৰ কৰিছে বিশ্বাস ভংগ –
যুৱ সমাজে বিচাৰে সংস্থাপন, মোদীয়ে দিছে অন্তহীন অপেক্ষাৰ উপহাৰ
• বছৰি ২ কোটি চাকৰি আছিল প্ৰতিশ্ৰুতি, কিন্তু ১০ লাখতকৈয়ো অধিক চৰকাৰী চাকৰিৰ পদ পূৰণ নকৰাকৈ ৰাখি নিবনুৱাৰ সংখ্যা বিগত ৪৫ বছৰৰ ভিতৰতে সৰ্বাধিক কৰি তুলিলে বি জে পি চৰকাৰে৷
• শিক্ষাৰ মাচুল তিনিগুণ বৃদ্ধি হ'ল, স্নাতক ডিগ্ৰীধাৰীয়ে কৰিছে বনুৱাৰ কাম, গ্রাহকৰ ঘৰে ঘৰে সামগ্রী যোগান, নতুবা পকৰীৱালাৰ কাম৷
নিজৰ মন কী বাত শুনাই শুনাই দুখীয়াৰ পেটত মাৰিছে প্ৰচণ্ড গোৰ – • বিমুদ্ৰাকৰণ আৰু জি এছ টিয়ে ২৩ কোটি মানুহক বাধ্য কৰিলে দাৰিদ্ৰ জীৱন কটাবলৈ, ৫০ লাখে হেৰুৱালে চাকৰি-বাকৰি, লাখ লাখ অতি ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ হৈ পৰিল বন্ধ।
• পেট্রল আৰু ডিজেল দামে শতক গৰকিলে, গেছ চিলিণ্ডাৰে অতিক্ৰম কৰিলে ১১০০ৰ দেওনা ৷
কৃষকে বিচাৰে উচিত দাম, তাতো মোদী চৰকাৰৰ নাই কোনো কাম –• মোদীৰ অসুস্থ চিন্তাৰ ফচল কৃষক-বিৰোধী ক'লা আইনৰ পৰিণতিত প্ৰাণ গ'ল ৭০০ খেতিয়কৰ, ক্ষতি হ'ল ৬০,০০০ কোটি টকাৰ। মোদীৰ ৰাজত্বকালত ঋণে পংগু কৰি পেলোৱা কৃষক পৰিয়ালৰ ৮৯,১৮৪ গৰাকী কৃষকে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য হ'ল৷
নাই মান, নাই সন্মান মহিলাৰ হ'ল চূড়ান্ত অপমান – • বি জে পি শাসনকালত মহিলাৰ ওপৰত অত্যাচাৰৰ হাৰ ২৭ শতাংশ বাঢ়িল... ২০২১ত দৈনিক ধৰ্ষণৰ ঘটনা ঘটিল ৮৬ টাকৈ ৷
• দৈনন্দিন ব্যৱহার্য সামগ্রীৰ মূল্যবৃদ্ধি ঘটিল ১৫ শতাংশতকৈও অধিক। আটা, চাউল, দাইল, গাখীৰ আৰু দৈৰ দৰে অত্যাৱশ্যকীয় সামগ্রীৰ ওপৰত লাগিল জি এছ টি৷
বিচৰা হ'ল পুষ্টি, দিলে কেৱল শোষণ আৰু ভাষণ –
• যেতিয়া অক্সিজেনৰ অভাৱত মৃত্যুক আকোৱালি লোৱা ক'ভিড আক্ৰান্তৰ মৃতদেহেৰে গংগা উপচি পৰিছিল তেতিয়া মোদী ব্যস্ত হৈ আছিল নির্বাচনী সমাৱেশত৷
• মোদীৰ শাসনকালত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যাৰ হাৰ উর্ধমুখী। দেশত ২১ কোটি শিশুৱে ভুগিব লাগিছে পুষ্টিহীনতাত।
বিচৰা হৈছিল অধিকাৰ দিয়া হ'ল কেৱল অন্ধকাৰ— • বি জে পিৰ ৰাজত্বকালত ৫০০ শতাংশ বৃদ্ধি পালে ঘৃণা আৰু বিদ্বেষপূর্ণ বক্তব্যৰে আক্ৰমণৰ হাৰ- সংখ্যালঘু আৰু বিপৰীত মতাৱলম্বী ব্যক্তিক ভয় আৰু শংকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰোৱা হ'ল৷ সমানুপাতিক প্রতিনিধিত্বৰ অভাৱ স্পষ্ট আৰু জাতিগত লোকপিয়ল অস্বীকাৰ কৰি পিছপৰা শ্ৰেণীৰ লোকৰ সুযোগক অস্বীকাৰ কৰা হ'ল৷
• অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘু সম্প্রদায়ৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰাক-হাইস্কুল শিক্ষান্ত বৃত্তি বন্ধ কৰি দিলে।
ক্ষমতাৰ খকে বিনাশ কৰিলে গণতন্ত্র— তিনিশতকৈয়ো অধিক সাংসদ আৰু বিধায়ক ক্ৰয় কৰি ৭খন ৰাজ্যত জনতাৰ ৰায় প্রত্যাখ্যান কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ ওফৰাই দি বিজেপিয়ে ক্ষমতা হস্তগত কৰি ল'লে
• মোদীৰ বন্ধুমহলে সকলো টেলিভিচন চেনেল আৰু ছপা মাধ্যম ক্ৰয় কৰি পেলালে বিৰোধীৰ কণ্ঠ ক্ৰয় কৰি পেলালে আৰু চৰকাৰ বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ লগালে আয়কৰ, এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চি বি আইক।
না ৰাষ্ট্ৰৰ উত্থান ঘটিল, না বিশ্বত ভাৰতৰ সম্মান ৰজিল—
• চীন দেশে ভাৰতৰ ২০০০ বর্গ কিল মিটাৰ দখল কৰি ল'লে, পিছে আমাৰ প্রধানমন্ত্রীয়ে কয় "ক'য়ি ঘূছা নেহী" (কোনো সোমোৱা নাই)..।
• যিসকলে ভাৰতীয় ৪০ টকাক ১ মার্কিন ডলাৰৰ সমান কৰি তুলিব বুলি প্ৰতিশ্ৰুতি দিছিল সেইসকলে আজিলৈকে মূল্যমান ৮২ টকাৰ পৰা সামানা নমাবলৈয়ো সক্ষম নহ'ল ৷
• ২০১৪ ৰ পৰা সকলো আন্তৰাষ্ট্ৰীয় ৰেংকিঙত ভাৰতৰ অৱস্থা শোচনীয় ৰূপত নিম্নগামী হৈ গৈ আছে ক্ষুধা সূচাংক (হাংগাৰ ইনডেক্স) ৫৫ৰ পৰা ১০৭ লৈ নামিল, সংবাদ মাধ্যমৰ স্বাধীনতা ১৪০ ৰ পৰা ১৫০ লৈ নামিল, গণতন্ত্র সূচাংক (ডেম'ক্ৰেচি ইনডেক্স) ২ পৰা ৪৬ লৈ নামিল। ইফালে আকৌ ভাৰতৰ জনমূৰি আয় আজি বাংলাদেশতকৈও তলত ৷
এইখিনিয়েই আছে কংগ্ৰেছে আজি দেশজুৰি বিতৰণ কৰা অভিযোগনামাখনত ৷ অসমতো বহু লোকৰ হাতত কংগ্ৰেছে গুজি দিছে ৰাহুল গান্ধীৰ পত্ৰ আৰু বিজেপিৰ বিৰুদ্ধে এই অভিযোগনামাখন ৷ সংবাদ মাধ্যমৰ কাৰ্যালয় সমূহলৈও গৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 27, 2023, 15:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|