உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'সীতা'ৰ জৰিয়তে নিৰ্বাচন জিকাৰ পৰিকল্পনা বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মাৰ, পিছে কোন এই সীতা?

    'সীতা'ৰ জৰিয়তে নিৰ্বাচন জিকাৰ পৰিকল্পনা বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মাৰ, পিছে কোন এই সীতা?

    বৰছলা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত বীনা দৈমাৰীয়ে AIUDF দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই  ২৪,০০০ ভোট লাভ কৰি বিজেপিৰ জয় নিশ্চিত কৰিছিল

    বৰছলা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত বীনা দৈমাৰীয়ে AIUDF দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই  ২৪,০০০ ভোট লাভ কৰি বিজেপিৰ জয় নিশ্চিত কৰিছিল

    বৰছলা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত বীনা দৈমাৰীয়ে AIUDF দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই  ২৪,০০০ ভোট লাভ কৰি বিজেপিৰ জয় নিশ্চিত কৰিছিল

    • Share this:
    বহু বল্কি প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই এইবাৰ ৭২নং বৰছলা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাথী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ আৰ পি শৰ্মাই নিৰ্বাচনী যুঁজত নমাৰ পিছৰ পৰাই এতিয়া সীতাকলৈ আৰম্ভ কৰিছে নিৰ্বাচনী অংক।

    আৰ পি শৰ্মাৰ মতে,  বিজেপিয়ে ষড়যন্ত্ৰ কৰি বৰছলাত কংগ্ৰেছৰ ভোট বিভাজন কৰিবলৈ ৰণত নমাইছিল সীতাক। কিন্তু সীতাই এতিয়া সহায়হে কৰিব আৰ পি শৰ্মাক। আৰু ২ মে'ত ৰাৱণ বধ কৰিব সীতাই।

    পিছে  আৰ পি শৰ্মাই দাবী কৰা সীতা প্ৰকৃততে কোন? 

    বৰছলা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত বীনা দৈমাৰীয়ে AIUDF দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই  ২৪,০০০ ভোট লাভ কৰি বিজেপিৰ জয় নিশ্চিত কৰিছিল। কিন্তু  এইবাৰ মহাজোঁটত AIUDFচামিল হোৱাৰ পিছতেই বৰছলাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আৰ পি শৰ্মা হৈ পৰিছে আত্মবিশ্বাসী৷

    আৰ পি শৰ্মাৰ দাবী, এইবাৰ বৰছলাত কংগ্ৰেছ জয়ী হ'ব ৷ কাৰণ এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত নাই AIUDFৰ প্ৰাৰ্থী। বীণা দৈমাৰীয়ে সহায় কৰিব আৰ পি শৰ্মাক। গতিকে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী জনে বীণা দৈমাৰীক তুলনা কৰিছে সীতাৰ সৈতে। এই সন্দৰ্ভত আৰ পি শৰ্মাই কয় যে,  বীনা দৈমাৰী সীতা ৷  সীতা মোৰ লগত আছে গতিকে মই জয়ী হ'ম ৷ ২মে'ত সীতাই ৰাৱণ বধ কৰিব ৷

    ইফালে কংগ্ৰেছে প্ৰথম পৰ্যায়ত ৩৭খন আসন লাভ কৰিব বুলি দাবী কৰিলে আৰ পি শৰ্মাই। উল্লেখ্য যে, বৰছলা বিধানসভা সমষ্টিত এইবাৰ ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, বিজেপিৰ বিধায়ক গনেশ কুমাৰ লিম্বু, অসম জাতীয় পৰিষদৰ উপেনৰাজ নাথ, নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত অধিকাৰী আৰু পম্পল বৰা৷

    বৰছলাত কংগ্ৰেছ-বিজেপিৰ মাজত মূল যুঁজ খন হ'ব যদিও বিজেপিৰ পৰা টিকট বঞ্চিত হেমন্ত অধিকাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামি বিজেপিৰ অংকত আউল লগাইছে ।
    Published by:Himangshu Bhuyan
    First published: