• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াবৰত কাজু-খিচমিছ খাই নিজৰ উন্নয়নৰ চিন্তা কৰা এটা পৰিয়ালক উৎখাতৰ বাবে এই যুঁজ – গৌৰৱ গগৈ

কলিয়াবৰত কাজু-খিচমিছ খাই নিজৰ উন্নয়নৰ চিন্তা কৰা এটা পৰিয়ালক উৎখাতৰ বাবে এই যুঁজ – গৌৰৱ গগৈ

কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াই।

কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াই।

কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াই।

  • Share this:
কলিয়াবৰত কাজু-খিচমিছ খাই থকা এটা পৰিয়ালক উৎখাতৰ বাবে এই যুঁজ। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰিলে কলিয়াবৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াই। প্ৰাৰ্থীগৰাকীক সংগ দিয়ে সাংসদ গৌৰৱ গগৈয়ে।

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক লগত লৈ সহস্ৰাধিক সমৰ্থকৰে পদব্ৰজে বৃহৎ শোভাযাত্ৰাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াই।

আগন্তুক সময়ছোৱাত কলিয়াবৰৰ সামগ্ৰিক উন্নয়ন আগত ৰাখি নিৰ্বাচনী যাত্ৰা সফল হ'ব বুলি আত্মবিশ্বাসী প্ৰাৰ্থীজন। কলিয়াবৰৰ বিভিন্ন স্থানৰ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা জনতাই তাকে প্ৰতীয়মান কৰিছে বুলি মন্তব‍্য কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সংগ দি নাম নোলোৱাকৈ কলিয়াবৰত কাজু-খিচমিছ খাই মাত্ৰ নিজ পৰিয়ালৰ উন্নয়নৰ কথা চিন্তা কৰি অহা এটা পৰিয়ালক উৎখাতৰ বাবে এই যুঁজ বুলি তাৎপৰ্য‍পূৰ্ণ মন্তব‍্য গৌৰৱ গগৈৰ। লগতে গৌৰৱ গগৈয়েও সমৰ্থক ৰাইজৰ উৎসাহত যথেষ্ট আশাবাদী বুলি মন্তব‍্য কৰাৰ লগতে বিজেপিৰ নেতৃত্বত যোৱা চৰকাৰখনৰ অপশাসনৰ উচিত প্ৰত‍্যুত্তৰ দিব বুলি মন্তব্য কৰে।

কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হ'লে কলিয়াবৰীয়া ৰাইজে কাজু-খিছমিছ খোৱাৰ সুবিধা পোৱাৰ লগতে কলিয়াবৰৰ সামগ্ৰিক উন্নয়ন হ'ব বুলিও কয় সাংসদ গৌৰৱ গগৈয়ে। ইতিমধ‍্যে শেহতীয়াকৈ নিৰ্বাচনী গতি-বিধি সলনি হৈছে, যাৰ পৰিণতিত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ শক্তি বৃদ্ধি হৈছে, বিভিন্ন জাতি-গোষ্ঠীৰ নেতা আৰু সমৰ্থকে মহাজোঁটৰ শক্তি বৃদ্ধি কৰিছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।
Published by:Sanjay Kumar Das
First published: