Lok Sabha Election Result 2019 LIVE : গুৱাহাটীত কোন জিকিব? ঘনে ঘনে সলনি হৈছে দৃশ্যপট

বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ঘনে ঘনে সলনি হৈছে দৃশ্যপট।

news18assam
Updated:May 23, 2019, 1:20 PM IST
Lok Sabha Election Result 2019 LIVE : গুৱাহাটীত কোন জিকিব? ঘনে ঘনে সলনি হৈছে দৃশ্যপট
বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ঘনে ঘনে সলনি হৈছে দৃশ্যপট।
news18assam
Updated: May 23, 2019, 1:20 PM IST
গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ঘনে ঘনে সলনি হৈছে দৃশ্যপট। আৰম্ভণিৰে পৰা আগ্ৰগতি লাভ কৰি থকা কুইন ওজাক পিছ পেলাই বৰ্তমান আগবাঢ়ি আছে ববিতা শৰ্মা।

ভোটগণনাৰ চতুৰ্থ ৰাউণ্ডলৈ কুইন ওজাক পিছ পেলাই ১৩,৭৭৪টা ভোটত অগ্ৰগতি লয় ববিতা শৰ্মাই। পঞ্চম ৰাউণ্ডত পিছত সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ছয়গাঁৱত বিজেপিয়ে ৬৮৭টা ভোট লাভ কৰাৰ বিপৰীতে ববিতা শৰ্মাই লাভ কৰে ৮,৬৩৯টা ভোট। পলাশবাৰীত বিজেপিয়ে ৩,৮৯৩টা ভোট পোৱাৰ বিপৰীতে ববিতা শৰ্মাই পালে ৪,৪৪৬টা ভোট। আনহাতে, হাজোত কংগ্ৰেছে ১০,৩৮১টা ভোট পোৱাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৯৬৯টা ভোট। বকোত বিজেপিয়ে ৩৪৫৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৭১৩৯টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি