অসমৰ ৰাজপথত কুকুৰ বিক্ৰী হয় আৰু অসমৰ মানুহে কুকুৰৰ মাংস খাই বুলি মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত মন্তব্য কৰা বিধায়ক বাচ্ছু কাডুৰ বিৰুদ্ধে এতিয়া সৰৱ ৰাজ্যৰ দল-সংগঠন ৷ মহাৰাষ্ট্ৰৰ বিধায়ক কাডুৰ বিৰুদ্ধে গোচৰেই তৰিলে তেজপুৰত অসম জাতীয় পৰিষদে ৷
“অসমৰ ৰাজপথত কুকুৰ বিক্ৰী হয় ৷ অসমৰ মানুহে খায় কুকুৰৰ মাংস”— দুদিন পূৰ্বে এনেদৰেই মন্তব্য কৰিছিল বাচ্ছু কাডুৱে ৷ মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত প্ৰহাৰ জন শক্তি পাৰ্টিৰ বিধায়ক বাচ্ছু কাডুৱে কৰা অসম আৰু অসমীয়াবিদ্বেষী এই মন্তব্যৰ পিছত সৰৱ হৈ পৰিছে শাসক-বিৰোধী ৷ সৰৱ হৈ পৰিছে দল-সংগঠন ৷ বাচ্ছু কাডুৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলো ৷ শাসকীয় BJPৰ বিধায়ক দিগন্ত কলিতায়ো ধিক্কাৰ দিলে বাচ্ছু কাডুক ৷
ইপিনে তেজপুৰ আৰক্ষী থানাত বাচ্ছু কাডুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অসম জাতীয় পৰিষদৰ জাতীয় ধৰ্মীয় সংখ্যালঘু শক্তি অসমে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।