সন্মুখত ২০২১ৰ বিধানসভা নিৰ্বাচন, সাজু হৈছে কংগ্ৰেছ, অগপ, বিজেপিৰ যুৱ নেতা! কোন সমষ্টিত কোন প্ৰাৰ্থীত্ব প্ৰত্যাশী?

News18 Assam | News18-Assam
Updated:June 28, 2020, 9:37 PM IST
সন্মুখত ২০২১ৰ বিধানসভা নিৰ্বাচন, সাজু হৈছে কংগ্ৰেছ, অগপ, বিজেপিৰ যুৱ নেতা! কোন সমষ্টিত কোন প্ৰাৰ্থীত্ব প্ৰত্যাশী?
লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন ৷ ৰণলৈ সাজু যুৱ ব্ৰীগেড

লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন ৷ ৰণলৈ সাজু যুৱ ব্ৰীগেড

  • Share this:
লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন ৷ ৰণলৈ সাজু যুৱ ব্ৰীগেড ৷ বিজেপিৰ যুৱ মৰ্চা, যুৱ কংগ্ৰেছ, অগপৰ যুৱ পৰিষদ সাজু  ২০২১ৰ নিৰ্বাচনী যুঁজলৈ। নিৰ্বাচনী তৎপৰতা কোৰোণা সংকটৰ মাজতো অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে ৷

বিজেপিৰ কোন যুৱ নেতা কোন সমষ্টিৰ বাবে সাজু?

তৰংগ গগৈ, বিজেপি


নাহৰকটীয়া সমষ্টিৰ বাবে সাজু বিজেপি যুৱ মৰ্চাৰ তৰংগ গগৈ। তৰংগ গগৈৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিকুল ডেকা,ৰঞ্জিত বৰুৱা 

হিমাংশু বৈশ্য, বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশী


টিকট প্ৰত্যাশী ৰাজেন গোঁহাইৰ পুত্ৰ নবাৰুণ বৰগোহাঁই ৷ নবাৰুণ বৰগোহাঁইক লাগে নগাঁও সদৰ সমষ্টি ৷ লোকসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক সন্তুষ্ট কৰিবলৈ হয়তো গেৰুৱা দলৰ নেতৃত্বই টিকট দিব পাৰে নবাৰুণক ৷ সমষ্টিটোত নবাৰুণ বৰগোঁহাইৰ সন্মুখত প্ৰত্যাহ্বান ৰূপক শৰ্মা ৷


লাকী গগৈ, বিজেপি


ঠিক একেদৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ মৃত্যুৰ পিছতে খালী হৈ পৰা শিৱসাগৰ সদৰ সমষ্টিত টিকট প্ৰত্যাশী যুৱ নেত্ৰী লাকী গগৈ

নিবাৰুণ গোহাঁই, বিজেপি


পলাশবাৰী সমষ্টিত টিকট প্ৰত্যাশী বিজেপি যুৱ মৰ্চাৰ হিমাংশু বৈশ্য ৷ হিমাংশু বৈশ্যৰ সন্মুখত প্ৰত্যাহ্বান বৰ্তমানৰ বিধায়ক প্ৰণৱ কলিতা আৰু বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিৰ পৰা টিকট প্ৰত্যাশী বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ ৷ হাজো সমষ্টিত কুচকাৱাজ যুৱ নেতা নিবাৰণ লহকৰৰ

........................................................

কংগ্ৰেছ দলৰ কোন কোন যুৱ নেতা কোন সমষ্টিৰ বাবে সাজু?

আনহাতে যুৱ কংগ্ৰেছো সাজু হৈছে ২০২১ৰ নিৰ্বাচনলৈ ৷ প্ৰায় ১৬জন যুৱ কংগ্ৰেছীয়ে টিকট বিচাৰিব ২০২১ৰ নিৰ্বাচনত ৷

অংকিতা দত্ত, কংগ্ৰেছ


যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলামে কাটিগড়া সমষ্টি অথবা আলগাপুৰ সমষ্টিত বিচাৰিব টিকট ৷ প্ৰাক্তন পৰিবহণ মন্ত্ৰী তথা আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ কন্যা যুৱ নেত্ৰী অঙ্কিতা দত্তই টিকট বিচাৰিব বৰ্তমান অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ আমগুৰি সমষ্টিত

মৃণাল হাজৰিকা, কংগ্ৰেছ


যুৱ কংগ্ৰেছী ৰাতুল পাটোৱাৰীয়ে বিচাৰিব ধৰ্মপুৰ সমষ্টিৰ টিকট ৷ একেদৰে প্ৰশান্ত গগৈ টিকট প্ৰতাশী শিৱসাগৰ সমষ্টিৰপূৱ গুৱাহাটী সমষ্টিত টিকট বিচাৰিব যুৱ কংগ্ৰেছী শান্তনু বৰাই

জুলু চেতীয়া, কংগ্ৰেছ


সোণাৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঘনিষ্ঠ জুলু চেতিয়াই টিকট বিচৰাৰ সম্ভাৱনা ৷ বাঘবৰত সাংসদ আব্দুল খালেকৰ ঘনিষ্ঠ যুৱ কংগ্ৰেছী তথা অভিযন্তা আব্দুল আজিজৰ সম্ভাৱনা প্ৰকট ৷

গণশক্তিৰ নেতা ভূৱন পেগুক প্ৰত্যাহ্বান জনাবলৈ সাঁজু যুৱ কংগ্ৰেছী ৰণোজ পেগুপূৱ বিলাসীপাৰানুৰ চফিকুল ৱাজিদ, নগাওঁ সদৰত মৃণাল হাজৰিকা, সদিয়াত জিতু গগৈ, নাওবৈচাত জিতেন কলিতা সাজু হৈছে ২০২১ৰ নিৰ্বাচনলৈ ৷

যুৱ কংগ্ৰেছী শিৱনাথ চেতিয়াই টিকট বিচাৰিব ডিগবৈত,বটদ্ৰৱাঅভিজিৎ বৰা, সুনীল টুটি ৰঙাপাৰা আৰু কালী দাস কামানে টিকট বিচাৰিব ঢকুৱাখনাৰ পৰা ৷

...............................................................

অগপ দলৰ কোন কোন যুৱ নেতা কোন সমষ্টিৰ বাবে সাজু?

বিজেপি যুৱ মৰ্চা আৰু যুৱ কংগ্ৰেছৰ লগতে ২০২১ৰ বাবে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদো সাজু হৈছে ৷

তপন দাস, অগপ প্ৰাৰ্থীত্ব প্ৰত্যাশী


বিজেপিৰ যুৱ নেতা জয়ন্ত কুমাৰ দাসে কুচকাৱাজ চলাই থকা দিচপুৰ সমষ্টিত চকু যুৱ পৰিষদৰ দুই নেতা সুনীল ডেকা, তপন দাসৰ ৷

সুনীল ডেকা, অগপ প্ৰাৰ্থীত্ব প্ৰত্যাশী


গৌৰৱ গগৈৰ হাতত কলিয়াবৰ সংসদীয় সমষ্টিত পৰাজয়বৰণ কৰা মণিমাধৱ মহন্ত চামগুৰিৰ টিকট প্ৰত্যাশী ৷

মণিমাধৱ মহন্ত, অগপ প্ৰাৰ্থীত্ব প্ৰত্যাশী


নাজিৰাজিতু বুঢ়াগোঁহাই, শদিয়াজ্যোতিমণি মৰাণ, বৰক্ষেত্ৰীগুণমণি ভূঞা, চাবুৱাপোণাকণ বৰুৱা, লাহৰীঘাটগুলজাৰ হুছেইন, ধেমাজীত পৰমানন্দ সোণোৱালে টিকট বিচৰাৰ সম্ভাৱনা ৷

অৱশ্যে বীগব্ৰাডাৰ বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব অগপৰ যুৱনেতা সকলৰ ৰাজনৈতিক ভৱিষ্যত ৷ এটা কথা ঠিক যে প্ৰত্যেকটো ৰাজনৈতিক দলে যদিহে যুৱ চামক প্ৰক্ষেপ কৰে কিছু আকৰ্ষণীয় হ'ব ২১ৰ ৰাজনৈতিক যুঁজ ৷

 
First published: June 28, 2020, 9:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading