কাইলৈ, ১৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা কামৰূপ (মেট্র') জিলাত ভাৰত জোড়ো যাত্রা। কাইলৈ মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত হব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা জালুকবাৰীত শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু প্ৰদেশ কংগ্ৰেছ।
কাইলৈ পদযাত্ৰাত ভাগ ল'ব অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকিৰ লগতে ৬০জন নেতা। লগতে থাকিব জিতেন্দ্ৰ সিং,মণিপুৰৰ বিৰোধী নেতা। ভূপেন বৰাৰ মতে, পদযাত্ৰাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী।
১৪ নৱেম্বৰৰ বিয়লি কামৰূপ (গ্রাম্য) জিলাত পদযাত্রাৰ কাৰ্যসূচী সমাপ্ত হৈছিল আৰু ছয় জনগোষ্ঠীৰ অসম বন্ধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ১৫ নৱেম্বৰত পদযাত্রা কাৰ্যসূচী স্থগিত ৰখা হৈছিল।
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা ১ নৱেম্বৰত ধুবুৰীৰ গোলোকগঞ্জত আৰম্ভ কৰা পদযাত্রাই ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ (গ্রাম্য) জিলা অতিক্রম কৰিছে আৰু বিগত ১৪ দিনত প্রায় ১৫০ কিলোমিটাৰ বাট পদব্রজে অতিক্ৰম কৰিলে।
এই যাত্রাত প্রতিদিনে কংগ্ৰেছ সভাপতি ভূপেন বৰাক সংগ দিছে ১২০ জনীয়া এটা স্থায়ী পদযাত্ৰীৰ দলে। প্ৰায় প্রতিদিনে গৌৰৱ গগৈ, আব্দুল খালেক, প্রদ্যুত বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, দীপ বায়ন, ৰামান্না বৰুৱা, বিভিন্ন সমষ্টিৰ বিধায়কসকল, প্রদেশ কংগ্ৰেছৰ বিষয়ববীয়া, বিভিন্ন জিলা কংগ্রেছৰ নেতৃত্ব আৰু কর্মকর্তা, দলৰ বিভিন্ন বিভাগ আৰু কোষৰ মুৰব্বীসকল, ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব তথা সদস্য-সদস্যাসকলে অংশগ্রহণ কৰিছে।
১৬ নৱেম্বৰৰ পিছত এই যাত্ৰা পর্যায়ক্রমে মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট', শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় হৈ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিব আৰু শদিয়াত এই যাত্ৰাৰ সামৰণি মাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|