আজিৰে পৰা কংগ্ৰেছে অসমত আৰম্ভ কৰিছে ‘ভাৰত জোৰো যাত্ৰা’। ধুবুৰীৰ পৰা শদিয়ালৈ চলিব এই যাত্ৰা। আজি ধুবুৰীৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা। এই যাত্ৰাত অংশ ল’ব কংগ্ৰেছৰ নেতা–কৰ্মীসকলে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ লগতে গোলকগঞ্জত উপস্থিত থাকিব ভূপেন বৰা, গৌৰৱ গগৈ, আব্দুল খালেক, দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থৰ লগতে আটাইকেইজন বিধায়ক আৰু দলীয় নেতা–কৰ্মী।
ধুবুৰীৰ পৰা বৰপেটা, গুৱাহাটী হৈ যোৰহাটেৰে তিনিচুকীয়া পাৰ হৈ শদিয়াত সামৰণি পৰিব এই যাত্ৰা। আঢ়ৈ মাহত ৮৩৫ কিলোমিটাৰ খোজ কাঢ়িব কংগ্ৰেছৰ নেতা–কৰ্মীয়ে। ভূপেন বৰাই ধুবুৰীৰ পৰা শদিয়ালৈ খোজ কাঢ়িবলৈ চেষ্টা কৰিব। এই যাত্ৰাত বৰপেটাত যোগ দিব অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি, ৰঙিয়াত যোগ দিব মিজোৰামৰ লালথানহাওলাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|