
কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা দৰাচলতে বাংলাদেশী জোৰো, মিঞা জোৰো যাত্ৰা । গোটেই ৰাজ্যত অকল মিঞা সমপ্ৰদায়ৰ মাজে মাজে এই যাত্ৰা লৈ ঘূৰি ফুৰিছে তেওঁলোক: জয়ন্ত মল্ল বৰুৱা
কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা দৰাচলতে বাংলাদেশী জোৰো, মিঞা জোৰো যাত্ৰা । গোটেই ৰাজ্যত অকল মিঞা সমপ্ৰদায়ৰ মাজে মাজে এই যাত্ৰা লৈ ঘূৰি ফুৰিছে তেওঁলোক: জয়ন্ত মল্ল বৰুৱা
"কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰা দৰাচলতে বাংলাদেশী জোৰো, মিঞা জোৰো যাত্ৰা । গোটেই ৰাজ্যত অকল মিঞা সমপ্ৰদায়ৰ মাজে মাজে এই যাত্ৰা লৈ ঘূৰি ফুৰিছে তেওঁলোক । এই যাত্ৰাত যোগদানকাৰীৰ ভিতৰত আছে চোৰ. ডকাইত, পকেটমাৰ সকল । এওঁলোকে কংগ্ৰেছৰ নেতাৰো পকেট মাৰি দিছে । কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ পত্ৰৰ পৰা এয়া সকলো ইতিমধ্যে স্পষ্ট হৈ পৰিছে" । এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা'ৰ । সোমবাৰে হাইলাকান্দিত ভাৰতীয় জনতা যুব মৰ্চাৰ দ্বাৰা আয়োজিত লাচিত দিৱসৰ সপ্তাহ ব্যাপি অনুষ্ঠানৰ সমাপন অনুষ্ঠানত যোগদান কৰাৰ পিছতে এই মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
তেওঁৰ মন্তব্য কংগ্ৰেছৰ ভাৰত জৰো যাত্ৰাত যেন কংগ্ৰেছী সকলো নাই এয়াও জিতেন্দ্ৰ সিঙৰ পত্ৰত স্পষ্ট উল্লেখ কৰা আছে । কাৰণ আজিৰ তাৰিখত ভাৰতীয় সভ্যতা সংস্কৃতিত বিশ্বাস কৰা মানুহে কংগ্ৰেছৰ সভা পদযাত্ৰা আদিত যোগদান নকৰে । লগতে আজিৰ অনুষ্ঠান প্ৰসঙ্গত তেওঁ কয়, লাচিত দিৱসৰ অনুষ্ঠানত বৰাকত ৰাইজে যেনে উৎসাহ লৈ আয়োজন আৰু যোগদান কৰিছে তাৰ পৰাই বৰাক উপত্যকাৰ ৰাইজৰ মনৰ ভাব প্ৰকাশ পাইছে । এই অনুষ্ঠান সমূহৰ পৰাই নব প্ৰজন্মই দেশ প্ৰেম আৰু দেশভক্তি শিকিব বুলিও মন্তব্য কৰে তেওঁ । উল্লেখ বিভিন্ন অনুষ্ঠানৰ মাজেৰে যোৱা ২৪ নৱেম্বৰৰ পৰা সপ্তাহ ব্যাপি লাচিত দিৱসৰ অনুষ্ঠান আয়োজন কৰিছিল ভাৰতীয় জনতা যুব মৰ্চাৰ হাইলাকান্দি জিলা সমিতিয়ে । আজি এই অনুষ্ঠানৰ সামৰণি পৰে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|