• Home
  • »
  • News
  • »
  • assam
  • »
  • '২১ত হ'ব কংগ্ৰেছৰ চৰকাৰ'- বীৰ লাচিতৰ প্ৰতিমূৰ্তিত সেৱা জনাই কংগ্ৰেছৰ 'অসম বচাও' যাত্ৰা

'২১ত হ'ব কংগ্ৰেছৰ চৰকাৰ'- বীৰ লাচিতৰ প্ৰতিমূৰ্তিত সেৱা জনাই কংগ্ৰেছৰ 'অসম বচাও' যাত্ৰা

লুইতৰ পৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গণহুংকাৰ

লুইতৰ পৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গণহুংকাৰ

লুইতৰ পৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গণহুংকাৰ

  • Share this:
লুইতৰ পৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গণহুংকাৰ ৷ 'অনিয়ম, অনীতিৰ বিজেপি চৰকাৰক আমি উফৰাব লাগিব ৷ সেয়েহে বীৰ লাচিতক শ্ৰদ্ধা জনাই আমি আৰম্ভ কৰিব বিচাৰিছো আমাৰ যাত্ৰা ৷'- মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷

'৫ বছৰীয়া বিজেপি চৰকাৰৰ কাৰ্যকালত অতিষ্ঠ জনতা ৷ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া বিজেপিৰ দিনত নহ'ল উন্নয়ন ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা এখন নাটক ৷ সেয়েহে বিজেপিৰ বিৰুদ্ধে একগোট হোৱাৰ এয়া এক সময় ৷ এই সুযোগ আমি ল'ব লাগিব ৷  ২১ত চৰকাৰ গঠন কৰিব পাৰিম৷'- এই মন্তব্য কংগ্ৰেছ সাংসদগৰাকীৰ।

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ইস্তাহাৰ কমিটীয়ে আৰম্ভ কৰিছে অসম বচাও অভিযান ৷ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ দাবী,  বিজেপিৰ দিনত বস্তুৰ দাম হ্ৰাস নহ'ল ৷ দাম হ্ৰাস কৰিছে মদৰ ৷ ৰাতিপুৱাই মদৰ দোকান খুলিবলৈ দি ৰাজহ সংগ্ৰহ কৰিছে বিজেপিয়ে ৷ এই ৰাজহেৰে চাৰ্টাৰ ফ্লাইটত ভ্ৰমণ কৰিছে ৰাজ্যৰ দুই মুখ্যমন্ত্ৰীয়ে ৷ '

মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে লগতে কয় যে, বুলেট, চাইকেল চলাই অসমৰ মানুহৰ মন জয় কৰিব নোৱাৰে হিমন্তই ৷ ৫০০ টকাৰে অসমৰ দুখীয়া মানুহক ক্ৰয় কৰিব নোৱাৰে ৷ ২১ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব জনতাই।
Published by:Himangshu Bhuyan
First published: