বেদখলকাৰীৰ পক্ষত তিনি বিধায়ক–প্ৰাক্তন সাংসদ, সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদক অবৈধ–অমানৱীয় আখ্যা

News18 Assam | News18-Assam
Updated:June 7, 2021, 10:41 AM IST
বেদখলকাৰীৰ পক্ষত তিনি বিধায়ক–প্ৰাক্তন সাংসদ, সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদক অবৈধ–অমানৱীয় আখ্যা
কেৱল মাথোঁ ৰাজনৈতিক আক্রোশৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছিল বুলি মন্তব্য কৰে বিধায়কজনে।

কেৱল মাথোঁ ৰাজনৈতিক আক্রোশৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছিল বুলি মন্তব্য কৰে বিধায়কজনে।

  • Share this:
সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ পিছত কৰিমগঞ্জত আৰম্ভ হ’ল কুটিল ৰাজনীতি। বনাঞ্চলৰ মাটি অবৈধ দখলৰ পৰা ৰক্ষা কৰাৰ বাবে এফালে একাংশ সংগঠনে ধৰ্ণাসহ স্মাৰকপত্ৰ দিয়াৰ বিপৰীতে মহাঁজোটৰ তিনি বিধায়কসহ আন একাংশ নেতাই থিয় দিলে বেদখলকাৰীৰ পক্ষত। তেওঁলোকৰ মতে, এনে উচ্ছেদ অভিযান সম্পূৰ্ণ অবৈধ আৰু অমানৱীয়।

বিশ্ব পৰিবেশ দিৱসৰ দিনাই সংৰক্ষিত বনাঞ্চলৰ অবৈধ দখলকাৰীৰ পক্ষত থিয় দিলে মহাজোঁটৰ তিনি বিধায়ক, প্ৰাক্তন সাংসদসহ কংগ্ৰেছ–এআইইউডিএফৰ আন নেতা। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, কৰিমগঞ্জৰ প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাস, পাথাৰকান্দিৰ পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী শচীন সাহু, এআইইউডিএফৰ জিলা সভাপতি আজিজ তালুকদাৰসহ আন আন নেতাই শনিবাৰে বন বিভাগে উচ্ছেদ চলোৱা ছলামনা স্থানত উপস্থিত হয়।

প্রথমেই তেওঁলোকে উচ্ছেদিত ঠাই পৰিদৰ্শন কৰি বেদখলকাৰীৰ পক্ষত থিয় দিয়াৰ আশ্বাস প্ৰদান কৰে। পিছে অঞ্চলটোৰ কেইবাশ উচ্ছেদিত লোকৰ সৈতে কোভিড প্ৰটকল ভংগ কৰি এক বৈঠকত মিলিত হয় এই নেতাসকল। বৈঠকত দীর্ঘ আলোচনাৰ পাছত ২৮টা পৰিয়ালক ন্যায় প্রদানৰ বাবে আইনী যুঁজ চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সাংবাদিকৰ আগত বিধায়ক ছিদ্দিক আহমেদে কয়, ‘‘সংৰক্ষিত বনাঞ্চলৰ ছলামনাত উপস্থিত হৈ বনাঞ্চলৰ কোনো গছ–গছনি দেখিবলৈ পোৱা নাই, বৰং বহু আগৰ পৰা লগোৱা তামোল–নাৰিকল আদি গছহে দেখা গৈছে। লগতে আছে প্রধানমন্ত্রী গ্রামীণ সড়ক যোজনাৰ পথ, বিদ্যুৎ সেৱাসহ চৰকাৰী বিদ্যালয়। সম্পূৰ্ণ এখন পুৰণি গাঁৱৰ পৰিৱেশ।’’

কেৱল মাথোঁ ৰাজনৈতিক আক্রোশৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছিল বুলি মন্তব্য কৰে বিধায়কজনে। সমষ্টিটোৰ বিজেপিৰ বিজয়ী বিধায়কে এলাকাটোত কম ভোট পোৱাৰ বাবেই এই অভিযান চলোৱা হৈছে বুলি কয় ছিদ্দিক আহমেদে। তেওঁ কয়, ১২ বছৰ দখলত থাকিলে হেনো সহজে উচ্ছেদ কৰিব নেৱাৰে। এনে অভিযানত মানৱীয়তা চৰমভাৱে লংঘন হৈছে বুলিও কয় তেওঁ। যদি পুনৰ উচ্ছেদ অভিযান চলোৱা হয় তেন্তে পৰিস্থিতি ভয়াৱহ কৰি তোলা হ’ব বুলিও হুংকাৰ দিয়ে কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদে।

কংগ্ৰেছৰ আন এগৰাকী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয়, ‘‘এই উচ্ছেদ অভিযান সম্পূৰ্ণ অবৈধ। যদি এয়া সংৰক্ষিত বনাঞ্চল হয়, তেন্তে ইয়াত কেনেকৈ চৰকাৰী পথ, বিদ্যুৎ সেৱাৰ ব্যবস্থা কৰা হ’ল।’’

বদৰপুৰ এআইইউডিএফ বিধায়ক আব্দুল আজিজেও উচ্ছেদ হোৱা লোকৰ পক্ষত থিয় দি ক’লে, ভোট কম পোৱাৰ বাবে এয়া ৰাজনৈতিক উদ্দেশ্যৰে চলোৱা অভিযান।

মহাজোঁটৰ নেতাসকলে যিয়েই নকওক কিয়, সত্যটো সদাই সত্য। যদি দীৰ্ঘদিন ধৰি সেই পৰিয়ালসমূহে তাত বসবাস কৰি আহিছে, তেন্তে কিয় এতিয়ালৈ মাটিৰ আবণ্টন পোৱা নাই। মহাজোঁটৰ নেতাসকলে ইয়াত বনাঞ্চল নেদেখিলেও চৰকাৰী ৰেকৰ্ড অনুসৰি এয়া সংৰক্ষিত বনাঞ্চলেই। এই অঞ্চলত চৰকাৰী পথ, বিদ্যুৎ সেৱা দিয়াৰ কাৰণ হ’ল অঞ্চলটোৰ ভিতৰুৱা ঠাইত কিছুমান সম্প্ৰদায়ৰ পৰিয়াল বহু পূৰ্বৰ পৰা বসবাস কৰি আহিছে। আনহাতে, উচ্ছেদ হোৱা লোকসকলেও জনাইছে, এয়া বন বিভাগৰে মাটি।

আনহাতে, যি সময়ত এই ৰাজনৈতিক নেতাসকলে উচ্ছেদিত স্থানত উপস্থিত হৈ দখলকাৰীক আশ্বাস প্ৰদান কৰিছিল, সেই সময়তে বনাঞ্চল ৰক্ষাসহ আন আন দাবীত একাংশ লোকে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত ধৰ্ণাত বহিছিল। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৰাক ভেলী ইণ্ডিজেনাছ ট্ৰাইবেলছ হেডমেন এছ’চিয়েচনৰ সদস্যসকলে ধৰ্ণা প্ৰদৰ্শন কৰি পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক লগত লৈ কৰিমগঞ্জ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰত উল্লেখ কৰে যে বৰাক উপত্যকাৰ বহু ঠাইত একাংশ অনুসূচিত জনজাতিৰ লোক বনাঞ্চলত বসবাস কৰি বনাঞ্চল ৰক্ষাও কৰি আহিছে। কিন্তু বৰ্তমান এচাং দুষ্কৃতিকাৰীৰ দপদপনিত অসম–মিজোৰাম–ত্ৰিপুৰা সংলগ্ন বনাঞ্চল লাহে লাহে ধ্বংস হ’বলৈ ধৰিছে। গতিকে এই বনাঞ্চলসমূহ আৰু বনাঞ্চলত থকা আদিবাসীসকলৰ সুৰক্ষাৰ বাবে বিহিত ব্যৱস্থা ল’ব লাগে।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 10:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি