মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যসভাৰ উপ–নিৰ্বাচনত হাত দাঙিলে বিৰোধীয়ে

ৰাজ্যসভাৰ উপ–নিৰ্বাচনত হাত দাঙিলে বিৰোধীয়ে

News18 Assam | News18-Assam
Updated:September 18, 2021, 3:20 PM IST
ৰাজ্যসভাৰ উপ–নিৰ্বাচনত হাত দাঙিলে বিৰোধীয়ে
অখিল গগৈৰ ৰাইজৰ দল আৰু এআইইউডিএফৰে মিত্ৰতাক ক'লে কমলাক্ষ দে' পুৰকায়স্থই।

অখিল গগৈৰ ৰাইজৰ দল আৰু এআইইউডিএফৰে মিত্ৰতাক ক'লে কমলাক্ষ দে' পুৰকায়স্থই।

  • News18 Assam
  • Last Updated: September 18, 2021, 3:20 PM IST
  • Share this:

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত বিৰোধী কংগ্ৰেছে হাত দাঙি শনিবাৰে প্ৰাৰ্থিত্ব নিদিয়ে বুলি ঘোষণা কৰে ৷ লগতে অখিল গগৈৰ ৰাইজৰ দলৰে কংগ্ৰেছৰে মিত্ৰতা নকৰে বুলিও ঘোষণা কৰে ৷


ৰাজ্যসভাৰ উপ–নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিলেও আসন্ন বিধানসভাৰ ছটা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে কিন্তু কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে ৷


ছটা সমষ্টিৰ উপ–নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে কংগ্ৰেছ ৷ অখিল গগৈৰ ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ অহৰহ চেষ্টা কৰিছিল যদিও শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমালক্ষ দে' পুৰকায়স্থই ঘোষণা কৰিলে- “অখিল গগৈৰ ৰাইজৰ দলৰে নহয় কংগ্ৰেছৰ মিত্ৰতা ৷”



একেদৰে BJPৰ লগত থকা AIUDFৰ সৈতেও পুনৰ কংগ্ৰেছে মিত্ৰতা নকৰে বুলি দাবী কৰে কমলাক্ষ দে' পুৰকায়স্থই ৷

Published by: Gautam Barman
First published: September 18, 2021, 3:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি