"আমি AIUDF-কংগ্ৰেছে ৰাইজক মেছেজ দিব আহিছো যে আমি যৌথভাৱে BTC নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত যৌথভাৱে অৱতীৰ্ণ হ’ম। দুয়োটা দলৰ দলীয় কৰ্মী, ৰাজ্যিক পৰ্যায়ৰ কৰ্মীসকলক একেলগে বহিবলৈ আমি আহ্বান জনাইছো আৰু আমি ভাল ফল দেখুৱাম" – এই মন্তব্য AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ।
ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী গৰম বতাহ। কোৰোণা মহামাৰীৰ মাজতে এফালে যদি আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ, আনফালে BTC পৰিষদীয় সমষ্টিত নিৰ্বাচনৰ চলিছে প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে কি ধৰণে ৰাজনীতি কৰি ক্ষমতা দখল কৰিব পাৰি তাৰ বাবে।
তেনে সময়তে চৰ্চা চলিছে কংগ্ৰেছ–AIUDFৰ মিত্ৰতাৰ প্ৰসংগক লৈ। ইতিমধ্যে BTC পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত কংগ্ৰেছ–AIUDF–এ যৌথভাৱে প্ৰচাৰ আৰম্ভ কৰিছে। সোমবাৰে ওদালগুৰি জিলাৰ ৩৭নং ধনশ্ৰী পৰিষদীয় সমষ্টিত এখন সভাত ভাগ লয় AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, AIUDFৰ যুৱ মাৰ্চৰ সভাপতি জেহেৰুল ইছলাম, কংগ্ৰেছ নেতা দুৰ্গা দাস বড়ো আৰু দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী। য’ত দুয়োটা দলৰ তিনি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।
জানিব পৰা মতে, মিত্ৰতা সন্দৰ্ভত AIUDF নেতৃবৃন্দৰ সৈতে মিলিত হৈছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাস। নিৰ্বাচনী সভাতেই দুয়োটা দলৰ কৰ্মীসকলক যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনালে কংগ্ৰেছ আৰু AIUDFৰ নেতৃবৃন্দই।
ওদালগুৰি জিলাৰ ৩৭নং ধনশ্ৰী পৰিষদীয় সমষ্টিত যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ, AIUDF–এ আৰু এইবাৰ BTCত যৌথভাৱে ডাবল ডিজিট লাভ কৰিব বুলিও ক’লে আমিনুল ইছলামে।
আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ–AIUDF মিত্ৰতা সন্দৰ্ভত চৰ্চা চলি থকাৰ সময়তে AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিলে। কাষত কংগ্ৰেছ নেতা দুৰ্গাদাস বড়ো আৰু দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীক লৈ সংবাদ মাধ্যমৰ আগত AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ মন্তব্য – আগন্তুক সময়ত যে আমি যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম। লগতে দলীয় কৰ্মীক একেলগে কাম কৰিবলৈ আহ্বান জনায় আমিনুল ইছলামে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|