உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যৰ বিৰোধী মহাজোঁটত খহনীয়া অব্যাহত; ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ নিমিলা অংক

    ৰাজ্যৰ বিৰোধী মহাজোঁটত খহনীয়া অব্যাহত; ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ নিমিলা অংক

    কংগ্ৰেছ-AIUDFৰ মাজত পুনৰ মিত্ৰতা স্থাপনৰ চেষ্টা

    কংগ্ৰেছ-AIUDFৰ মাজত পুনৰ মিত্ৰতা স্থাপনৰ চেষ্টা

    কংগ্ৰেছ-AIUDFৰ মাজত পুনৰ মিত্ৰতা স্থাপনৰ চেষ্টা

    • Share this:

    থানবান হৈ পৰা বিৰোধী মহাজোঁটক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ-AIUDFৰ উভয় পক্ষই পুনৰ একত্ৰিত কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে (opposition grand alliance) ৷ কিন্তু শাসকীয় পক্ষৰ কূট-কৌশলত এই প্ৰচেষ্টা সম্ভৱপৰ হ'বনে? এই প্ৰশ্নই এতিয়া ৰাজ্যৰ ৰাজনীতিত তোলাপাৰ লগাইছে ৷


    বিৰোধী আসনৰ পৰা গৈ শাসকীয় আসনত ইতিমধ্যে বহিল ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই আৰু ফণী তালুকদাৰে ৷ কংগ্ৰেছত থাকিয়েই ৰহাৰ বিধায়ক শশীকান্ত দাসে চৰকাৰক দিছে সমৰ্থন, যাৰ বাবে বিধায়িনী দলৰ পৰা নিলম্বিত হৈছে শশীকান্ত দাস ৷ ইপিনে ছহীদক অপমান কৰি জে'ললৈ যাবলগীয়া হোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদকো কংগ্ৰেছে কৰি থৈছে নিলম্বন ৷ দলে বান্ধি দিয়া চৰ্ত মানি ল'বলৈ নিবিচৰা শ্বেৰমানে পুৰণি ঘৰ AIUDFলৈ ওভতাৰ বাবে ইতিমধ্যে সাজু হৈছে ৷ ইয়াৰোপৰি কংগ্ৰেছৰ আন বহুকেইজন বিধায়কে শাসকীয় পক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি সময় আৰু সুযোগ পালেই মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় পক্ষৰ বহু নেতাই দাবী কৰে ৷


    ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই মঙলবাৰে ক'লে- “অসমীয়াৰ হৈ মাত মাতিব পৰা নাই কংগ্ৰেছ-AIUDFয়ে ৷  খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা দলত কোন থাকিব? আমি বিচাৰিলে কংগ্ৰেছৰ আটাইকেইজনে আহিব৷”


    ইপিনে কংগ্ৰেছ-AIUDFৰ মাজত ছিন্ন হোৱা সম্পৰ্কক এতিয়া পুনৰ স্থাপন কৰাৰ বাবে উঠি পৰি লাগিছে একাংশ নেতা ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বৰাকৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ক'লে- “বিৰোধী এক হ'লে ৰাজ্যসভাত এখন আসনত জয়ী হোৱাটো নিশ্চিত ৷ বিধানসভাত কংগ্ৰেছ-AIUDFৰ ঐক্য ঠিকে আছে ৷”


    AIUDFৰ সাধাৰণ সম্পাদক তথা মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ হৈ AIUDFৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাতো বিচাৰিছে ৷


    উল্লেখযোগ্য যে বিৰোধী মহাজোঁটৰ মাজত চলি থকা এই যুঁজবাগৰৰ মাজতে যোৱা দেওবাৰে হাগ্ৰামা মহিলাৰীৰ BPFয়ে শাসকীয় পক্ষৰ সৈতে স্থাপন কৰিলে মিত্ৰতা ৷ এতিয়াৰে পৰা বিধানসভাৰ মজিয়াত শাসকীয় পক্ষৰ বেন্সত বহিব BPFৰ বিধায়কসকলে ৷

    Published by:Gautam Barman
    First published: