বিধানসভাৰ প্ৰৱেশদ্বাৰত শুই পৰিল কংগ্ৰেছী বিধায়ক, ৰূপজ্যোতিৰ মুখত ‘জয় আই অসম’

News18 Assam | News18-Assam
Updated:November 28, 2019, 12:16 PM IST
বিধানসভাৰ প্ৰৱেশদ্বাৰত শুই পৰিল কংগ্ৰেছী বিধায়ক, ৰূপজ্যোতিৰ মুখত ‘জয় আই অসম’
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, NRC বাতিল কৰা কাৰ্য বন্ধ কৰা, NRCত বাদ পৰা ১৯ লাখ লোকৰ ক্ষেত্ৰত ভাৰতীয় লোক চিহ্নিত কৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবীত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, NRC বাতিল কৰা কাৰ্য বন্ধ কৰা, NRCত বাদ পৰা ১৯ লাখ লোকৰ ক্ষেত্ৰত ভাৰতীয় লোক চিহ্নিত কৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবীত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে।

  • News18 Assam
  • Last Updated: November 28, 2019, 12:16 PM IST
  • Share this:
বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই উত্তাল হৈ পৰিল সদন। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু NRCক লৈ কংগ্ৰেছ আৰু AIUDF বিধায়কসকলে উত্তাল কৰি তোলে বিধানসভাৰ মজিয়া।

NRC আৰু CABক লৈ সভাস্থগিত প্ৰস্তাৱ দিছিল কংগ্ৰেছ–AIUDF–এ৷ কিন্তু অধ্যক্ষই অনুমতি নিদিয়াত সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDFৰ বিধায়কসকলে। তাৰ পিছতে বিধানসভাৰ প্ৰৱেশদ্বাৰত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে। প্লে’কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে AIUDFৰ বিধায়কসকলেও। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, NRC বাতিল কৰা কাৰ্য বন্ধ কৰা, NRCত বাদ পৰা ১৯ লাখ লোকৰ ক্ষেত্ৰত ভাৰতীয় লোক চিহ্নিত কৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবীত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে।

আনহাতে, বন্ধ হৈ থকা চাহ বাগিচাক লৈ সৰৱ হৈ পৰে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী। প্লে’কাৰ্ড প্ৰদৰ্শন কৰি এই সন্দৰ্ভত চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে মৰিয়নীৰ বিধায়কজনে। ইফালে, ‘জয় আই অসম’ ধ্বনিৰে বিধানসভাৰ মজিয়া কঁপাই তুলিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।



সদনৰ মজিয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় – কংগ্ৰেছৰ বাবে অসমত সন্ত্ৰাসবাদ বাঢ়িছিল৷ ২০০১ত জেইলত থকা ISIক এৰি দিছিল৷ কংগ্ৰেছৰ ‘জয় আই অসম’ কোৱাৰ অধিকাৰ নাই৷ ‘জয় আই অসম’ কোৱাৰ অধিকাৰ কেৱল BJPৰ আছে৷ ৮৫৫জনক ছহীদ কৰিছিল কংগ্ৰেছে৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি