உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Cong-AJP joint Pressmeet: কংগ্ৰেছে থাওৰা, মৰিয়নিসহ চাৰিটা সমষ্টি নিজৰ লগত ৰাখি মাজুলী এৰি দিলে AJP-লৈ, এতিয়া পিছে কি কৰিব অখিল গগৈয়ে?

    Cong-AJP joint Pressmeet: কংগ্ৰেছে থাওৰা, মৰিয়নিসহ চাৰিটা সমষ্টি নিজৰ লগত ৰাখি মাজুলী এৰি দিলে AJP-লৈ, এতিয়া পিছে কি কৰিব অখিল গগৈয়ে?

    সোমবাৰে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে সম্বোধন কৰে যুটীয়া সংবাদমেল।  

    সোমবাৰে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে সম্বোধন কৰে যুটীয়া সংবাদমেল।  

    সোমবাৰে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে সম্বোধন কৰে যুটীয়া সংবাদমেল।  

    • Share this:
    ৰাজ্যত ক্ৰমাত্‍ বলিবলৈ আৰম্ভ কৰিছে উপ নিৰ্বাচনৰ গৰম বতাহ। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত উপ নিৰ্বাচনত একেলগে যুঁজিব কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে। সেইদৰে ৰাইজৰ দলকো মিত্ৰতাৰ বাবে আমন্ত্ৰণ জনাইছে কংগ্ৰেছ নেতৃত্বই। সোমবাৰে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে সম্বোধন কৰে যুটীয়া সংবাদমেল।

    আগন্তুক উপ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত চাৰিটা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰাৰ লগতে একোটাকৈ সমষ্টি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দললৈ এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এতিয়াও চূড়ান্ত হোৱা নাই ৰাইজৰ দলক কোনটো সমষ্টি এৰি দিব, সেই লৈ সিদ্ধান্ত। আনহাতে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দি থাওৰা, মৰিয়নি, তামুলপুৰ আৰু গোসাইগাওঁ সমষ্টিত যুঁজিব কংগ্ৰেছে।

    এই সন্দৰ্ভত ভূপেন বৰাই কয় যে, 'ভৱানীপূৰৰ ক্ষেত্ৰত কথা চলি আছে। ৰাইজৰ দলক এৰি দিয়াৰ বাবে আমি প্ৰস্তাৱ দিছিলো।কিন্তু এতিয়ালৈকে একো জনোৱা নাই ৰাইজৰ দলে। তিনিজনকৈ প্ৰাৰ্থীৰ নাম পঠোৱা হৈছে।কিন্তু কাক প্ৰাৰ্থী দিব সেই কথা হাইকামাণ্ডে জানিব। থাওৰাত এজনহে বিশ্বাসঘাতকতা কৰিছে। হাজাৰজন কংগ্ৰেছী আগবাঢ়ি আহিছে । আমি ৰাইজৰ দলক বুজাই দিছো।'

    ইফালে দীৰ্ঘসময় ধৰি ৰাইজৰ দলৰ হৈ ধৈৰ্য কোঁৱৰে থাওৰা সমষ্টিত চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ। অখিল গগৈয়েও সমষ্টিৰ চুকে কোণে ধৈৰ্য্যৰ হৈ তীব্ৰতৰ কৰিছে অভিযান। আনহাতে কোনো কাৰণতে থাওৰা সমষ্টিত দলটোৱে প্ৰতিদ্বন্দিতা নকৰাকৈ নাথাকে বুলি স্পষ্ট কৰি দিছে অখিল গগৈয়ে। তেনেস্থলত কংগ্ৰেছে গ্ৰহণ কৰা সিদ্ধান্তই কিমান খিনি কামত দিব, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব।
    Published by:Himangshu Bhuyan
    First published: