‘কংগ্ৰেছ-AIUDFৰ মিত্ৰতা অসমীয়াৰ বুকুত ডেগাৰৰ আঘাত, উজনিত শূন্য হ’ব কংগ্ৰেছ’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মতে এতিয়াও চূড়ান্ত হোৱা নাই মিত্ৰতা
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মতে এতিয়াও চূড়ান্ত হোৱা নাই মিত্ৰতা
- News18 Assam
- Last Updated: August 23, 2020, 3:35 PM IST
এই মিত্ৰতাৰ ফলত কংগ্ৰেছ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে AIUDF লাভান্বিত হ'ব বুলি ভৱিষ্যতবাণী কৰিলে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই ৷ ইফালে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে AIUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাই উজনি অসমত কংগ্ৰেছক নিঃশেষ কৰি পেলাব বুলি দাবী কৰিছে।


ইফালে মিত্ৰতাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, ‘যদি আমি ভুল সিদ্ধান্ত লৈছো, তেন্তে আমাৰ ক্ষতি হ’ব। AIUDFৰ সৈতে আমাৰ মিত্ৰতা এতিয়াও চূড়ান্ত হোৱা নাই। মাত্ৰ কথা বতৰা চলিছে।’ ৰিপুণ বৰাৰ মতে, কেৱল AIUDFৰ লগতে নহয়, কংগ্ৰেছে মহাজোঁট বন্ধনৰ কথা কৈছে। সকলো জাতি-জনগোষ্ঠীক লৈ আগবাঢ়িব কংগ্ৰেছ।’