মুখ্যপৃষ্ঠা » খবৰ

» অসম

»BTRত আজি কংগ্ৰেছ AIUDF মিত্ৰজোঁটৰ নিৰ্বাচনী সভা, সভাৰ পূৰ্বে কি ক’লে আজমলে?

BTRত আজি কংগ্ৰেছ AIUDF মিত্ৰজোঁটৰ নিৰ্বাচনী সভা, সভাৰ পূৰ্বে কি ক’লে আজমলে?

News18 Assam | News18-Assam
Updated:December 2, 2020, 10:33 AM IST
BTRত আজি কংগ্ৰেছ AIUDF মিত্ৰজোঁটৰ নিৰ্বাচনী সভা, সভাৰ পূৰ্বে কি ক’লে আজমলে?
BTRৰ শাসনভাৰ নিজৰ দখললৈ আনিবলৈ এতিয়া তত্‍পৰ হৈ পৰিছে কংগ্ৰেছ আৰু AIUDF।

BTRৰ শাসনভাৰ নিজৰ দখললৈ আনিবলৈ এতিয়া তত্‍পৰ হৈ পৰিছে কংগ্ৰেছ আৰু AIUDF।

  • Share this:
BTRৰ শাসনভাৰ নিজৰ দখললৈ আনিবলৈ এতিয়া তত্‍পৰ হৈ পৰিছে কংগ্ৰেছ আৰু AIUDF। দুয়োটা দলেই ইতিমধ্যে যৌথ ভাবে নামিছে নিৰ্বাচনী ৰণত। ইতিমধ্যে দুয়োটা দলে চূড়ান্ত কৰিছে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিৰ সংখ্যা। ‍আজিৰে পৰা দলৰ প্ৰাৰ্থীৰ হৈ একেলগে নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। দুয়োটা দলেই এতিয়া হৈ উঠিছে আত্মবিশ্বাসী।

নিৰ্বাচনী সভাত ভাগ ল’বলৈ যোৱাৰ পূৰ্বে নিউজ 18ৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বদৰুদ্দিন আজমলে। বুধবাৰে দিনটোত কংগ্ৰেছ AIUDFয়ে অংশ ল’ব চাৰিখন নিৰ্বাচনী সভাত৷ সভাত অংশ ল’ব বদৰুদ্দিন আজমল, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷

কংগ্ৰেছৰ সৈতে মিত্ৰতাত AIUDF-এ আপোচ নকৰাৰ প্ৰতিশ্ৰুতি দিছে বদৰুদ্দিন আজমলে। আগন্তুক ২০২১ৰ নিৰ্বাচনত AIUDFকংগ্ৰেছৰ মিত্ৰতা অটুত থাকিব বুলি মন্তব্য বদৰুদ্দিন আজমলৰ ৷ যদিও এই মুহূৰ্তলৈকে আনুষ্ঠানিক মোহৰ লগোৱ নাই কংগ্ৰেছ হাইকামাণ্ডে।
Published by: Himangshu Bhuyan
First published: December 2, 2020, 10:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি