আকৌ এবাৰ ‘বুজাবুজি’ৰে কংগ্ৰেছক সহায় AIUDFৰ! একমাত্ৰ জনিয়াতহে দিলে AIUDFৰ প্ৰাৰ্থী

জনিয়া সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী ড: হাফিজ ৰফিকুল ইছলাম। আন তিনিটা সমষ্টিত AIUDFৰ ৰহস্যজনক স্থিতি

News18-Assam
Updated:September 28, 2019, 4:41 PM IST
আকৌ এবাৰ ‘বুজাবুজি’ৰে কংগ্ৰেছক সহায় AIUDFৰ! একমাত্ৰ জনিয়াতহে দিলে AIUDFৰ প্ৰাৰ্থী
জনিয়া সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী ড: হাফিজ ৰফিকুল ইছলাম। আন তিনিটা সমষ্টিত AIUDFৰ ৰহস্যজনক স্থিতি
News18-Assam
Updated: September 28, 2019, 4:41 PM IST
বিপুল বৰ্মন : আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচনত ৰহস্যজনক ভূমিকাত এআইইউডিএফ। সোনাৰী, ৰঙাপাৰা আৰু ৰাতাবাৰীত সমষ্টিত প্ৰাৰ্থিত্ব নিদিয়ে বিৰোধী দল এআইইউডিএফে।গণভিত্তি থকাৰ পিছতো ৰাতাবাৰী আৰু ৰঙাপাৰাৰ পৰা আঁতৰি
আহিল বদৰুদ্দিন আজমলৰ দল। শনিবাৰে সংবাদ মেলত এই কথা সদৰি কৰে এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

জনিয়া সমষ্টিত এআইইউডিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অধ্যাপক ড: হাফিজ ৰফিকুল ইছলামক। আন তিনিটা সমষ্টি ক্ৰমে সোনাৰী, ৰাতাবাৰী আৰু ৰঙাপাৰাত প্ৰতিদ্বন্দিতা কৰাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তই  যেন আকৌ এবাৰ প্ৰমাণ কৰিলে কংগ্ৰেছ আৰু AIUDFৰ গোপন মিত্ৰতাৰ কথা।

এআইইউডিএফ নেতা আমিনুল ইছলামে ৰঙাপাৰা, সোণাৰি আৰু ৰাতাবাৰীত বিজেপিক প্ৰতিৰোধ কৰিব লাগে বুলিও উল্লেখ কৰে। এআইইউডিএফৰ সুত্ৰৰ মতে দলটোৱে বিশেষকৈ ৰাতাবাৰী সমষ্টি কংগ্ৰেছক এৰি দিয়াৰ বিপৰীতে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপেৰে কংগ্ৰেছে জনিয়াত এআইইউডিএফক সহায় কৰিছে! কংগ্ৰেছ-এআইইউডিএফৰ এই কৌশলী বুজাবুজি কিমান দূৰ সফল হয় সেয়া সময়তহে স্পষ্ট হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি