কংগ্ৰেছ-এআইইউডিএফ মহাজোঁটে বৰাক উপত্যকাৰ ১২টা সমষ্টিত জয়লাভ কৰিব : ছিদ্দিক আহমেদ

News18 Assam | News18-Assam
Updated:August 28, 2020, 6:20 PM IST
কংগ্ৰেছ-এআইইউডিএফ মহাজোঁটে বৰাক উপত্যকাৰ ১২টা সমষ্টিত জয়লাভ কৰিব : ছিদ্দিক আহমেদ
সংখ্যালঘু নেতা গৰাকীৰ মতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতৃত্বৰ এই মহাজোঁটে বৰাক উপত্যকাৰ তিনিখন জিলাৰ মুঠ ১৫টা সমষ্টিৰ ১২টাত জয়লাভ কৰিব।

সংখ্যালঘু নেতা গৰাকীৰ মতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতৃত্বৰ এই মহাজোঁটে বৰাক উপত্যকাৰ তিনিখন জিলাৰ মুঠ ১৫টা সমষ্টিৰ ১২টাত জয়লাভ কৰিব।

  • Share this:
আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈছে শাসক–বিৰোধী দলসমূহ। বিশেষভাৱে চৰ্চিত হৈছে কংগ্ৰেছ আৰু এআইইউডিএফৰ লগতে অন্যান্য দলৰ মাজৰ প্ৰস্তাৱিত মহাজোঁটৰ প্ৰসংগ। বিৰোধী দল দুুুটাৰ
মাজৰ মহাজোঁটৰ আলোচনাৰ মাজতে বৰাক উপত্যকাক লৈ বিশেষ মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে।

সংখ্যালঘু নেতা গৰাকীৰ মতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতৃত্বৰ এই মহাজোঁটে বৰাক উপত্যকাৰ তিনিখন জিলাৰ মুঠ ১৫টা সমষ্টিৰ ১২টাত জয়লাভ কৰিব। ছিদ্দিক আহমেদৰ মতে মহাজোঁটৰ প্ৰাৰ্থীয়ে কাটিগড়া, বৰখলা, সোণাই, উদাৰবন্দ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰাতাবাৰী আৰু পাথাৰকান্দি সমষ্টিত জয়লাভ কৰিব পাৰিব। দুয়োটা দলৰ নেতৃত্বই শিলচৰ, ধলাই আৰু লক্ষীপুৰ সমষ্টিত কেনেকৈ জয়লাভ কৰিব পাৰি তাৰ ওপৰতো ৰণকৌশল তৈয়াৰ কৰি আছে বুলি জনাই ছিদ্দিক আহমেদে।

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই অসমৰ ১২৬টা সমষ্টিৰ আসন বুজাবুজি সম্পৰ্কত দুয়ো দলৰ নেতৃত্বৰ মাজত আলোচনা হ’ব বুলিও কয় দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ তিনিবাৰৰ প্ৰাক্তন বিধায়ক ছিদ্দিক আহমেদে। মুঠৰ ওপৰত বিৰোধীৰ প্ৰস্তাৱিত মহাজোঁটক লৈ আশাবাদী কংগ্ৰেছ আৰু এআইইউডিএফ নেতৃত্ব।
Published by: Sanjay Kumar Das
First published: August 28, 2020, 6:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading