মুখ্যপৃষ্ঠা »খবৰ »অসম »Congress-AIUDF Alliance: কংগ্ৰেছ-AIUDFৰ 'মিত্ৰতা' হ'লে লাভ কাৰ লোকচান কাৰ? 

Congress-AIUDF Alliance: কংগ্ৰেছ-AIUDFৰ 'মিত্ৰতা' হ'লে লাভ কাৰ লোকচান কাৰ? 

কংগ্ৰেছ-AIUDFৰ 'মিত্ৰতা' হ'লে লাভ কাৰ লোকচান কাৰ? 

কংগ্ৰেছ-AIUDFৰ 'মিত্ৰতা' হ'লে লাভ কাৰ লোকচান কাৰ? 

Congress-AIUDF Alliance: অসমৰ ৰাজনীতিত কিয় চৰ্চাত কংগ্ৰেছ-AIUDFৰ এই মিত্ৰতা? 

  • Share this:

সংসদীয় সমষ্টি নগাঁও, কলিয়াবৰ আৰু বৰপেটা দখল কৰাৰ বাবে যি সময়ত গেৰুৱা দল বিজেপি উঠিপৰি লাগিছে সেই সময়তে সমষ্টি তিনিটাত AIUDFৰ প্ৰাৰ্থীত্ব প্ৰক্ষেপ বিজেপিৰ বাবে যিদৰে হ'ব লাভজনক কংগ্ৰেছৰ বাবে হ'ব এয়া মহা বিপদজনক ৷ যাৰ বাবে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা এতিয়া অসমৰ  ৰাজনীতিৰ অন্যতম চৰ্চাৰ বিষয় ৷


উল্লেখযোগ্য় যে, বিশ বছৰ বিজেপিৰ দখলত থকা নগাঁও আসন ২০১৯ত কংগ্ৰেছৰ দখললৈ গৈছিল ৷ একমাত্ৰ AIUDFৰ প্ৰাৰ্থী নথকাৰ বাবে নগাঁৱত জয়ী হৈছিল প্ৰদ্যুৎ বৰদলৈ ৷ প্ৰায় ১৯হাজাৰ ভোটত পৰাজিত হৈছিল ৰূপক শৰ্মা ৷ য'ত প্ৰদ্যুৎ বৰদলৈয়ে শতাংশ হিচাপত ৪৯.৯% ভোটেৰে ৭,৩৮,৮৮১টা ভোট পোৱাৰ বিপৰীতে ৰূপক শৰ্মাই পাইছিল ৪৮.৭% ভোট ৷ সমষ্টিটোত ২০১৪চনত বিজেপিৰ ৰাজেন গোঁহাইয়ে ৪০.২% ভোট পাইছিল ৷ সেই নিৰ্বাচনত কংগ্ৰেছৰ জোনজোনালী বৰুৱাই পাইছিল ২৮.৫% আৰু AIUDFৰ ডা৹ আদিত্য লাংঠাছাই পাইছিল ২৫.৫% ভোট ৷ পৃথকে পৃথকে নিৰ্বাচন খেলা কংগ্ৰেছ-AIUDFৰ নগাঁৱত ভোট আছিল ৫৪% ৷


স্বাভাৱিকতেই নগাঁৱত AIUDFৰ ২০১৪ৰ ভোটখিনি ২০১৯ত লাভ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে দল দুটাৰ মিত্ৰতাৰ ভিত্তিত ৷ কলিয়াবৰতো  AIUDFএ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে সমষ্টিটোত ২০১৯ত গৌৰৱ গগৈয়ে পাইছিল ৫৫.৮% ভোট ৷ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ ভোট আছিল প্ৰায় ৪১% ৷ কিন্তু ২০১৪ত গৌৰৱ গগৈৰ এই ভোটৰ শতাংশ আছিল ৩৮হে ৷ য'ত AIUDFৰ বিজয় কুমাৰ তিৰুৰ ভোট আছিল ১৯.৮% ৷ অৰ্থাৎ ২০১৯ত যদি AIUDFৰ ২০১৪ৰ প্ৰাপ্ত ভোটখিনি গৌৰৱ গগৈৰ পৰা বিয়োগ কৰা যায় সেয়া মণি মাধৱ মহন্তৰ প্ৰাপ্ত ভোটটকৈ প্ৰায় ৫% কম ৷


সহজ দৃষ্টিত AIUDFৰ প্ৰাৰ্থী থাকিলে ২০১৯তে ৰণত পৰিলহেঁতেন গৌৰৱ গগৈ ৷ বৰপেটাৰ কথা অৱশ্যে অলপ সুকীয়া কিন্তু নগাঁও আৰু কলিয়াবৰত ২০১৯ত কংগ্ৰেছৰ জয়ৰ মূলতে আছিল AIUDFৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাহে ৷ সেয়ে এই সময়ত বিজেপিয়ে যিমানেই পাৰে ঠাট্ৰা মস্কৰাৰে দুয়োটা দলৰ মাজত মিত্ৰতা হ'বই বুলি এক বিভ্ৰান্তিৰ ৰাজনীতি অব্যাহত ৰাখিছে ৷


ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শুকুৰবাৰে নলবাৰীত "কংগ্ৰেছ আৰু AIUDFৰ মাজত 'ইলু-ইলু' সম্পৰ্ক চলি আছে" বুলি কোৱাৰ সময়তে বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিজেপি বিধায়ক ডা৹ নোমল মমিনেও ক'লে, "তেওঁলোকৰ মন গ'লে কবুল হ্যে কবুল হ্যে বুলি কৈ বিয়া খন হৈ যায় আৰু মন গ'লেই তালাক-তালাক বুলি কৈ দিয়ে ৷ দুয়োটা দলৰ মাজত এইবোৰ দেখুৱাই চলি থাকে ৷"


এইক্ষেত্ৰত কংগ্ৰেছৰ বিসম্বাদী, নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে কয়,"কংগ্ৰেছে যদি ২০২৪ত এটাও সমষ্টি নিজৰ হাতত ৰাখিব বিচাৰে মিত্ৰতা কৰিব লাগিব AIUDFৰে ৷ সেয়া অ'পেনেই হওক বা চিক্ৰেট হওক ৷" ভোটৰ পৰিসংখ্যাই এয়াই কয় ৷ কলিয়াবৰ, নগাঁও,বৰপেটা কংগ্ৰেছে নিজৰ হাতত ৰাখিবলৈ কাষ চাপিব লাগিব পাৰে আজমল বাহিনীৰ ৷ যদি এয়া নকৰে বিপদজনক হ'ব পাৰে দলটোৰ বাবে, নকৰিলেই লাভ হ'ব বিজেপিৰ ৷ মুঠতে মিত্ৰতা কৰিলে কংগ্ৰেছৰ লাভ বিজেপিৰ লোকচান, নকৰিলে কংগ্ৰেছৰ লোকচান বিজেপিৰ লাভ ৷

শেহতীয়া বাতৰি