‘কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা নহয়, আজমলে ঠগিব কংগ্ৰেছক’ অসমত হ’ব কংগ্ৰেছ শূন্য- ক’লে বিধানসভাৰ উপাধ্যক্ষই

অসমত হ’ব কংগ্ৰেছ শূন্য- ক’লে বিধানসভাৰ উপাধ্যক্ষই
অসমত হ’ব কংগ্ৰেছ শূন্য- ক’লে বিধানসভাৰ উপাধ্যক্ষই
- News18 Assam
- Last Updated: September 27, 2020, 6:52 PM IST
সোনাই সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক আমিনুল হক লস্কৰৰ গুৰুত্বপূৰ্ণ মন্তব্য। উপাধ্যক্ষ আমিনুল হক লস্কৰৰ মতে, ‘বিধানসভা নিৰ্বাচনত কংগ্ৰেছক- AIUDFৰ মিত্ৰতা নহয়।নিৰ্বাচনৰ পূৰ্বে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছক ঠগিব।’অসমত কংগ্ৰেছ শূন্য হ’ব বুলিও বিৰোধী দলটোক কটাক্ষ কৰে আমিনুল হক লস্কৰে।
অসম বিধানসভাৰ উপাধ্যক্ষৰ মন্তব্যক অৱশ্যে উভতি ধৰিছে বিৰোধী বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। ৰাজনৈতিক সমালোচনাৰে আমিনুল হক লস্কৰে উপাধ্যক্ষৰ পদমৰ্য্যদা হেৰুৱাইছে বুলি কয় নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীয়ে। ইমদাদুল হক চৌধুৰীয়ে আনকি ২০২১ চনত ৰাজ্যত বিৰোধী মহাজোঁটৰ চৰকাৰ হ’ব বুলিও মন্তব্য কৰে।