বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / “AIUDFৰে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত ল'ব দলৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে”— বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

“AIUDFৰে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত ল'ব দলৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে”— বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

“AIUDFৰে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত ল'ব দলৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে”— বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ভূপেন বৰাই বিষয়টো নস্যাৎ কৰিছে যদিও সোমবাৰে AIUDFৰে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত দলৰ Political Affairs Committeeয়েহে ল’ব বুলি আন এক বিশেষ ইংগিত দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

  • Advertorial
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

হাইকমাণ্ডে জৰুৰীভাৱে ভূপেন বৰাক দিল্লীলৈ তলৱ কৰি নিয়াৰ পিছৰে পৰা পুনৰ চৰ্চা চলিছে কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ বিষয়টোয়ে ৷ ভূপেন বৰাই বিষয়টো নস্যাৎ কৰিছে যদিও সোমবাৰে AIUDFৰে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত দলৰ Political Affairs Committeeয়েহে ল’ব বুলি আন এক বিশেষ ইংগিত দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ বিপৰীতে মিত্ৰতা নকৰিলে কংগ্ৰেছে আগন্তুক লোকসভাৰ নিৰ্বাচনত এখনো আসন নাপায় বুলি পুনৰ ভৱিষ্যৎবাণী কৰিলে AIUDFয়ে ৷

বিজ্ঞাপন

“ক’ত হ’ব মিত্ৰতা? কেনেকৈ হ’ব মিত্ৰতা?” — কংগ্ৰেছ আৰু AIUDFৰ নাম ল’লেই সততে উচ্চাৰণ হয় মিত্ৰতাৰ প্ৰসংগটো । কংগ্ৰেছে নিবিচাৰে ৷ মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিবিচাৰে ৷ ইয়াৰ বিপৰীতে দিছপুৰৰ ৰাজনৈতিক মুনফা লুটি ভাল পোৱা AIUDFয়ে যিকোনো মূল্যৰ বিনিময়ত বিচাৰে কংগ্ৰেছৰ সৈতে মিত্ৰতা ৷ এই মিত্ৰতাৰ প্ৰসংগই সততে জোকাৰি থাকে দিছপুৰৰ ৰাজনীতি ৷

বিগত সপ্তাহত কংগ্ৰেছ হাইকমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক জৰুৰীভাবে তলব কৰি নিছিল দিল্লীলৈ । চৰ্চা হ’ল— AIUDFৰে মিত্ৰতা কৰাৰ বিষয়ত আলোচনা হ’ল । কিন্তু এই বিষয়ত কোনো আলোচনাই হোৱা নাই বুলি দাবী কৰিলে ভূপেন বৰাই ৷ এই বিষয়ত দুয়োটা বিৰোধী দলৰ মাজত চলিল তৰ্কাতৰ্কি ৷

ইয়াৰ মাজতে সোমবাৰে AIUDFৰে মিত্ৰতাক লৈ আন এক বিশেষ ইংগিত দি দিলে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । দেৱব্ৰত শইকীয়াই ক’লে— “মিত্ৰতাৰ বিষয়ত হাইকমাণ্ডে গঠন কৰি দিয়া Political Affairs Committee য়েহে চূড়ান্ত সিদ্ধান্ত ল’ব ৷”

বিজ্ঞাপন

দেৱব্ৰত শইকীয়াৰ এই কথাই কিহৰ ইংগিত দিছে— নিশ্চয় বুজাই বুজিব ৷ লগতে শইকীয়াই ক’লে— “AIUDFৰ সৈতে মিত্ৰতাৰ কথা কোনো ৰাজহুৱা প্লেটফৰ্মত দলৰ তিনি সাংসদে কোৱা মই দেখা নাই ৷”

ইপিনে পুৰণি কথাকেই সোমবাৰে পুনৰ দোহাৰিলে AIUDFৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ আমিনুলে ক’লে— “মিত্ৰতা নকৰিলে আগন্তুক লোকসভাৰ নিৰ্বাচনত এখনো আসন নাপাব কংগ্ৰেছে ৷ সেই কথা নিজে ভাবি চাওক কংগ্ৰেছে ৷”

বিজ্ঞাপন

লগতে আমিনুল ইছলামে ক’লে— “মিত্ৰতা কৰিলে বা নকৰিলে AIUDFৰ কোনো লোকচান নহয় ৷ মিত্ৰতা নকৰিলে কংগ্ৰেছৰহে লোকচান হ’ব ৷ মিত্ৰতা নকৰিলেও আমি তিনিটা সমষ্টিত জয়ী হম ৷”

মিত্ৰতা কেন্দ্ৰিক কংগ্ৰেছ-AIUDFৰ এই সংঘাত বা মুখ চুপতিৰ কাৰবাৰটোয়ে পিছে বৰকৈ ৰস দি আছে শাসকীয় পক্ষক ৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন