কংগ্ৰেছৰে মিত্ৰতাঃ‘জেণ্টলমেণ্ট এগ্ৰিমেণ্ট’ কৰি ঠগ খোৱা বদৰুদ্দিন আজমলক এইবাৰ লাগে লিখিত প্ৰতিশ্ৰুতি

সংবাদমেল পাতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা বিচৰাৰ পিছতে বদৰুদ্দিন আজমলে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া

News18-Assam
Updated:October 26, 2019, 6:33 PM IST
কংগ্ৰেছৰে মিত্ৰতাঃ‘জেণ্টলমেণ্ট এগ্ৰিমেণ্ট’ কৰি ঠগ খোৱা বদৰুদ্দিন আজমলক এইবাৰ লাগে লিখিত প্ৰতিশ্ৰুতি
সংবাদমেল পাতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা বিচৰাৰ পিছতে বদৰুদ্দিন আজমলে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া
News18-Assam
Updated: October 26, 2019, 6:33 PM IST
বিজেপিৰ আগ্ৰাসনত প্ৰায় নিঃশেষ হোৱাৰ পথত কংগ্ৰেছ। সদ্য সমাপ্ত ৰাজ্যৰ উপ নিৰ্বাচনত এখনো আসন দখল নকৰাৰ পিছত আকৌ এবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছ আৰু AIUDF ৰ মিত্ৰতাৰ প্ৰসংগ। শনিবাৰে তৰুণ গগৈয়ে সংবাদমেল পাতি মুকলিকৈ AIUDF ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা পোষকতা কৰাৰ পিছতে নিজৰ মত ব্যক্ত কৰিছে বদৰুদ্দিন আজমলক।

বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে ‘জেণ্টলমেণ্ট এগ্ৰিমেণ্ট’ কৰি  ঠগ খোৱা আজমলক কংগ্ৰেছে এইবাৰ মিত্ৰতাৰ সম্পৰ্কত লিখিত ৰূপত জনাব লাগিব। তেতিয়াহে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা নকৰাৰ সিদ্ধান্ত ল’ব বদৰুদ্দিন আজমলে।  বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ সহায় হোৱাকৈ গণভিত্তি থকা স্বত্বেও নগাওঁ, কলিয়াবৰ আদি সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱা নাছিল AIUDFএ। লগতে বদৰুদ্দিন আজমলৰ দলটোৱে, কৰিমগঞ্জ, ধুবুৰী, বৰপেটাত কংগ্ৰেছে  প্ৰাৰ্থীত্ব নিদিয়াতো বিচাৰিছিল ! কিন্তু সমষ্টিকেইটাত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰোৱাত ক্ষুব্ধ হৈ পৰে আজমল।ফলত এতিয়া কংগ্ৰেছে AIUDF ৰ লগত মিত্ৰতা কৰিবলৈ হ’লে আগতীয়াকৈ আজমলক দিব লাগিব লিখিত প্ৰতিশ্ৰুতি।
আৰু চাওক পৰৱৰ্তী বাতৰি